ওৰাং: মাজবাট অঞ্চলৰ বটাবাৰীগাঁৱত এক হৃদয়বিদাৰক ঘটনাত এজন কিশোৰ শ্রমিকৰ মৃত্যু ঘটে। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত বটিয়ামাৰী নৈৰ পৰা কথিত অবৈধ বালি পৰিবহণত নিয়োজিত এখন ট্ৰেক্টৰত বজ্ৰপাত হোৱাৰ ফলতে এই ঘটনা সংঘটিত হয়।
মৃত কিশোৰজনক আনাম মাহাতো বুলি চিনাক্ত কৰা হৈছে। তেওঁ মাজবাট চাহ বাগিচাৰ নতুন লাইন অঞ্চলৰ বাসিন্দা গংগাৰাম মাহাতো আৰু সুমিত্ৰা মাহাতোৰ পুত্ৰ আছিল।
স্থানীয় সূত্ৰৰ মতে, নাবালক বুলি অভিযোগ থকা আনাম মাহাতো বালিভৰ্তি ট্ৰেক্টৰত শ্রমিক হিচাপে কাম কৰি আছিল। সেই সময়তে আকস্মিক বজ্ৰপাতত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
সহকৰ্মী আৰু স্থানীয় লোকসকলে তৎক্ষণাৎ মাজবাট আৰক্ষী থানাক আৰু পৰিয়ালৰ সদস্যসকলক খবৰ দিয়ে। পিছত চাহ বাগিচাৰ এম্বুলেন্সেৰে তেওঁক মহলিয়াপাৰা মডেল হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
অধিক পঢ়ক - স্কুলৰ ওচৰত চিকিৎসাজনিত আৱৰ্জনা পেলোৱাৰ অভিযোগে স্বাস্থ্য আৰু সুৰক্ষা সংকটৰ সৃষ্টি কৰিছে