আজিৰ অসম

ব'লেৰ'-ট্ৰাকৰ সংঘৰ্ষত পিতৃ-মাতৃসহ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু

ডিমৰীয়াৰ টেটেলিয়া অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয়।

Sentinel Digital Desk

সোণাপুৰ: ডিমৰীয়াৰ টেটেলিয়া অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিজন লোকৰ মৃত্যু হয়।

খবৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটীলৈ অহা এখন ব'লেৰ' (AR01Q0042) অতিদ্ৰুত বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন চিমেণ্টভৰ্তি ট্ৰাকত (AS01UC1633) খুন্দা মাৰে। ফলত ঘটনাস্থলীতেই চাৰিজনৰ মৃত্যু হয়।

মৃতসকল হৈছে ইটানগৰৰ পশু চিকিৎসক লিগি বাৰাছা, তেওঁৰ পত্নী কুংগা ডাইমা (৫২), যি লোক নিৰ্মাণ বিভাগৰ বিষয়া আছিল, তেওঁলোকৰ পুত্ৰ গেমাৰ বাৰাছা আৰু গেমাৰৰ বন্ধু কৰ্মা চেৰাপ খ্ৰিমে।

দুয়োজন যুৱক ত্ৰিপুৰা শান্তিনিকেতন মেডিকেল কলেজৰ প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ আছিল। বাৰাছা পৰিয়াল ইটানগৰৰ বাসিন্দা আছিল, আনহাতে কৰ্মা চেৰাপ খ্ৰিমে অৰুণাচল প্ৰদেশৰ ৰূপা অঞ্চলৰ বাসিন্দা আছিল।

সূত্ৰ অনুসৰি, গুৱাহাটীত অধ্যয়ন কৰা তেওঁলোকৰ কন্যা অসুস্থ হোৱাৰ খবৰ পাই পৰিয়ালটো গুৱাহাটীলৈ আহি আছিল। সেই সময়তেই এই মাৰাত্মক দুৰ্ঘটনা সংঘটিত হয়।

অধিক পঢ়ক - বাৰিষা আৰম্ভ; ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান