বোকাখাতঃ বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP) ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব। একশিঙীয়া গঁড়, বাঘ, জলহৰিণ, বন মহ আৰু হাতীৰ লগতে সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ বাবে খ্যাত এই উদ্যানত বৰ্ষাকালৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
যদিও ২৫ মে’ৰ পৰাই পৰ্যটকৰ ছাফাৰী সেৱা আনুষ্ঠানিকভাৱে বন্ধ কৰা হৈছিল, তথাপিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ বাবে কৰ্তৃপক্ষই ২৮ মে’লৈ জীপ ছাফাৰী চলাই ৰাখিছিল।
বিভাগীয় সূত্ৰ অনুসৰি, বৰ্ষাকাল আৰম্ভ হোৱাৰ ফলত কাজিৰঙাৰ কহৰা, আগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত জীপ ছাফাৰী সেৱা এতিয়া বন্ধ কৰা হৈছে।
অধিক পঢ়ক - উচ্চ তাপমাত্রাই গৰ্ভপাতৰ আশংকা বৃদ্ধি কৰে, নতুন অধ্যয়নত প্ৰকাশ