বোকাখাতঃ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই এইবছৰো পৰ্যটক আৰু বন্যপ্ৰাণীপ্ৰেমীসকলক আকৰ্ষিত কৰি এক উল্লেখযোগ্য পৰ্যটন বৃদ্ধিৰ সাক্ষী হৈছে। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, সমৃদ্ধ জীৱবৈচিত্ৰ্য আৰু এশিঙীয়া গঁড়ৰ দৰে বিশ্ববিখ্যাত বন্যপ্ৰাণীৰ বাবে পৰিচিত কাজিৰঙা পৰিয়ালভিত্তিক ভ্ৰমণকাৰী আৰু বন্যপ্ৰাণী অনুৰাগীসকলৰ অন্যতম প্ৰিয় গন্তব্যস্থান হিচাপে পৰিগণিত হৈছে।
এপ্ৰিল ২০২৫ৰ পৰা ৰেকৰ্ডসংখ্যক ৫.৪৮ লাখ দৰ্শনাৰ্থীৰ আগমনেৰে কাজিৰঙা ভাৰতৰ অন্যতম সফল পৰ্যটন গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে।
যোৱা দুবছৰত কাজিৰঙাই ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক আদৰণি জনাই এক ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও, ২০২৪ চনৰ ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰি ইতিহাস ৰচনা কৰে। ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰাৰ পিছত তেওঁয়ে কাজিৰঙা ভ্ৰমণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।
২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত ‘এডভান্টেজ অসম ২.০’ উদ্যোগৰ অংশ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰ আৰু বিভিন্ন দেশৰ ৬০ জন ৰাষ্ট্ৰদূতে উদ্যানখন ভ্ৰমণ কৰে, যিয়ে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বক অধিক উজ্জ্বল কৰি তোলে।
২০২৫ চনৰ ১৬ মে’ত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাজিৰঙা ভ্ৰমণ কৰে। ২০২৫ চনৰ ৫ অক্টোবৰ তাৰিখে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে পৰিয়ালসহ কাজিৰঙা ভ্ৰমণ কৰে। আনহাতে, ২০২৫ চনৰ ২ নৱেম্বৰত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰি মাথুয়ে পৰিয়াল আৰু দুজন প্ৰতিনিধিসহ কাজিৰঙাত উপস্থিত হয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাজিৰঙাই বিশ্ব পৰ্যটনৰ মানচিত্ৰত নিজৰ এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ নিউয়ৰ্ক টাইমছে অসম আৰু কাজিৰঙাক বিশ্বৰ অন্যতম “Must See” বা “অৱশ্যেই ভ্ৰমণ কৰিবলগীয়া” গন্তব্যস্থান হিচাপে স্বীকৃতি দিছে।
পৰিসংখ্যা অনুসৰি, যোৱা ১০ বছৰত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। বিশেষকৈ বিদেশী পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু বৰ্তমান মুঠ পৰ্যটকৰ ৪.৫ শতাংশ বিদেশী।
এই ধাৰাবাহিকতা ২০২৬ চনৰ মে’ মাহতো অব্যাহত থাকে, য’ত ১৭৫ জন বিদেশীসহ মুঠ ৩০,৮৫০ জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ ভ্ৰমণ কৰে।
পানবাৰী ৰেঞ্জত ‘বাৰ্ড ছাফাৰী’, কহৰাত চাইক্লিং, পানপুৰ জীপ ছাফাৰী, বিশ্বনাথত ব’ট ছাফাৰী, ‘কাজিৰঙা বিয়ণ্ড নেচনেল পাৰ্ক’ আদি উদ্ভাৱনীমূলক পদক্ষেপসমূহে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত এক নতুন গতি সঞ্চাৰ কৰিছে। স্থানীয় সংস্কৃতি আৰু ঐতিহ্যক প্ৰচাৰৰ লক্ষ্যৰে আৰম্ভ কৰা এই উদ্যোগসমূহে স্থানীয় বাসিন্দা আৰু পৰ্যটক উভয়ৰ মাজতে যথেষ্ট সমাদৰ লাভ কৰিছে।
কাজিৰঙা কৰ্মচাৰী কল্যাণ সমিতিৰ পৰিচালনাধীন ‘ইকো-শ্বপ’সমূহে কাজিৰঙা-সম্পৰ্কীয় স্মাৰক সামগ্ৰী আৰু স্থানীয় সম্প্ৰদায়ৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি পৰ্যটকসকলৰ মাজত বিশেষ সঁহাৰি লাভ কৰিছে। ইয়াৰ লগতে শিলিমখোৱা গাঁও অঞ্চলত আৰম্ভ কৰা ‘হেমটাপ হিল ট্ৰেকিং’ও বহু পৰ্যটকক আকৰ্ষণ কৰিছে।
পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ ফলত স্থানীয় ব্যৱসায়সমূহেও যথেষ্ট লাভান্বিত হৈছে। হোটেল, ৰেষ্টুৰেণ্ট আৰু দোকানসমূহত ব্যৱসায়িক তৎপৰতা বৃদ্ধি পোৱাৰ লগতে ৰাজহো বৃদ্ধি পাইছে। এই সফলতাই চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰিছে, যিয়ে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত সহায় কৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে, “সংৰক্ষণক যদি উন্নয়নৰ অন্তৰায় হিচাপে নহয়, বৰং বিকাশৰ অনুঘটক হিচাপে গণ্য কৰা হয়, তেন্তে তাৰ উত্তৰ হয়তো কাজিৰঙাৰ ওচৰত আছে।
এপ্ৰিল ২০২৫ৰ পৰা ৰেকৰ্ডসংখ্যক ৫.৪৮ লাখ পৰ্যটকৰ আগমনেৰে এই ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অন্যতম সফল পৰ্যটন কাহিনীত পৰিণত হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষ কাজিৰঙাৰ ইতিহাসত সৰ্বাধিক সফল বছৰ। পৰ্যটকৰ সংখ্যা ৪.০৬ লাখৰ পৰা বৃদ্ধি পাই ৪.৬৮ লাখলৈ উন্নীত হৈছে।
এক দশক পূৰ্বে এই সংখ্যা মাত্ৰ ১.৫৫ লাখ আছিল। এই পৰিৱৰ্তন ধীৰ, পৰিকল্পিত আৰু স্থায়ীভাৱে সংঘটিত হৈছে। বিশেষভাৱে উৎসাহজনক দিশ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বৃদ্ধি। বিদেশী পৰ্যটকৰ সংখ্যা মাত্ৰ এবছৰত ১৭,৬৯৩ৰ পৰা ৩০,৪৭৪লৈ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে অসম ভ্ৰমণ কৰিবলৈ বাছি লোৱাটো আমাৰ বিশ্বমানৰ পৰ্যটন আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰচেষ্টাৰ স্বীকৃতি...।”
এই কথা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।
অধিক পঢ়ক - উত্তৰ-পূৰ্বাঞ্চলৰ ১৭,২৯৮খন গাঁওত এতিয়াও BSNL সেৱা নাই, ব্যয়বহুল ব্যক্তিগত অপাৰেটৰৰ ওপৰত নিৰ্ভৰশীল গ্ৰাহক