আজিৰ অসম

‘ভূত জলকীয়া’ত কেঞ্চাৰ প্ৰতিৰোধী সম্ভাৱনা দেখা গৈছে: JNU-ৰ অধ্যাপক ৰামচিয়াৰী

এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক গৱেষণাত নতুন তথ্য প্ৰকাশ পাইছে যে ‘ভূত জলকীয়া’ বা ‘ঘোষ্ট চিলি’য়ে কেঞ্চাৰৰ টিউমাৰৰ আকাৰ আৰু বৃদ্ধি হ্ৰাস কৰাত বিশেষ সম্ভাৱনা ৰাখে।

Sentinel Digital Desk

কোকৰাঝাৰঃ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক গৱেষণাত নতুন তথ্য প্ৰকাশ পাইছে যে ‘ভূত জলকীয়া’ বা ‘ঘোষ্ট চিলি’য়ে কেঞ্চাৰৰ টিউমাৰৰ আকাৰ আৰু বৃদ্ধি হ্ৰাস কৰাত বিশেষ সম্ভাৱনা ৰাখে। এই গৱেষণা নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)-ৰ জীৱবিজ্ঞান বিভাগত সম্পন্ন কৰা হয়।

JNU-ৰ অধ্যাপক নিৰলা ৰামচিয়াৰীৰ নেতৃত্বত চলা এই গৱেষণাই ভূত জলকীয়াৰ কেঞ্চাৰবিৰোধী গুণৰ বৈজ্ঞানিক প্ৰমাণ দাঙি ধৰিছে। পূৰ্বে ২০১৯ চনত প্ৰকাশিত এক গৱেষণাত ভূত জলকীয়াৰ উপাদানে কেঞ্চাৰ কোষ ধ্বংস কৰাত সহায় কৰা বুলি প্ৰকাশ পাইছিল।

বিটিচিৰ বাক্সা জিলাৰ বাসিন্দা অধ্যাপক নিৰলা ৰামচিয়াৰীয়ে জনায় যে ২০২৬ চনত ‘The Nucleus’ নামৰ জাৰ্নেলত প্ৰকাশিত আন এক গৱেষণাত মাউছৰ ওপৰত কৰা পৰীক্ষাত ভূত জলকীয়াৰ নিষ্কাশনে কেঞ্চাৰৰ টিউমাৰৰ আকাৰ উল্লেখযোগ্যভাৱে কমাই দিয়া দেখা গৈছে। বিশেষকৈ ফুসফুসৰ কেঞ্চাৰৰ ক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱ লক্ষ্য কৰা হৈছে।

এই গৱেষণাৰ প্ৰথম লেখক ড° চাৰপ্ৰাছ এম-য়ে কয় যে তেওঁৰ পিএইচডি গৱেষণাৰ মূল বিষয়েই আছিল ভূত জলকীয়াৰ কেঞ্চাৰবিৰোধী ক্ষমতা। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱৰ এই জলকীয়াটো বহুদিন ধৰি পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ হৈ আহিছে।

অধ্যাপক ৰামচিয়াৰীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চলত অতিমাত্ৰা ঝাল খাদ্য খোৱাৰ বাবে কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায় বুলি এক ধাৰণা আছিল। কিন্তু আমাৰ গৱেষণাই দেখুৱাইছে যে ভূত জলকীয়াই কেঞ্চাৰৰ বিৰুদ্ধে ইতিবাচক ভূমিকা পালন কৰিব পাৰে।”

তেওঁ লগতে কয় যে ভূত জলকীয়া কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু কৃষিজ সম্পদেই নহয়, ভৱিষ্যতৰ কেঞ্চাৰ গৱেষণাৰ ক্ষেত্ৰতো এক আশাব্যঞ্জক উপাদান। ইয়াৰ পূৰ্ণ সম্ভাৱনা জানিবলৈ অধিক গৱেষণা আৰু সহায়ৰ প্ৰয়োজন।

ইফালে, অধ্যাপক ৰামচিয়াৰীৰ গৱেষণাগাৰে ভূত জলকীয়া আৰু কণ জলকীয়াৰ জিনগত গঠন নিয়েও অধ্যয়ন চলাই আছে। তেওঁলোকে এই জলকীয়াসমূহৰ অত্যাধিক জ্বলা হোৱাৰ বাবে দায়ী জিনসমূহো চিনাক্ত কৰিছে।

বিশ্বৰ অন্যতম জ্বলা জলকীয়া ভূত জলকীয়া উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা খাদ্যৰ লগতে ঔষধি গুণৰ বাবেও ই বহুদিন ধৰি বিশেষ গুৰুত্ব বহন কৰি আহিছে। ইয়াত থকা capsaicinoids, carotenoids আৰু flavonoids আদি উপাদানে antioxidant, anti-inflammatory আৰু কেঞ্চাৰ প্ৰতিৰোধী গুণ বহন কৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

অধিক পঢ়ক - ৮০০ খন ঈদগাহ সমিতিৰ উদ্যোগত অসমৰ বকৰি ঈদত গো-হত্যাৰ পৰা আঁতৰি থাকিবলৈ মুছলমান সকলক আহ্বান