শ্বিলং: মেঘালয় চৰকাৰে সোমবাৰে ঘোষণা কৰে যে ৰাজ্যত "মেঘালয় বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় কৰ্মচাৰী কেন্দ্ৰীভূত ভৱিষ্য পুঁজি আঁচনি, ২০২৬" আনুষ্ঠানিকভাৱে নটিফাই কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত কৰ্মৰত ৩০,০০০ৰো অধিক কৰ্মচাৰীৰ দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষা আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা।
শিক্ষা বিভাগৰ দায়িত্বত থকা আয়ুক্ত আৰু সচিব বিজয় মন্ত্রীয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই আঁচনিখনৰ লক্ষ্য হৈছে বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ কৰ্মচাৰীৰ বাবে এক কেন্দ্ৰীয়কৃত প্ৰভিডেণ্ট ফাণ্ড ব্যৱস্থা গঠন কৰি তেওঁলোকৰ অৱসৰকালীন সুবিধা আৰু আৰ্থিক নিৰাপত্তা শক্তিশালী কৰা।
এই পদক্ষেপে ৰাজ্যখনৰ শিক্ষা খণ্ডত অৱসৰকালীন সুবিধাৰ গাঁথনি পুনৰ্গঠন কৰাৰ দিশে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে গণ্য হৈছে।
বিবৃতিটোৱে এই সংস্কাৰৰ পৰিসৰ উল্লেখ কৰি কয় যে এই আঁচনিখন শিক্ষাখণ্ডত এক গুৰুত্বপূৰ্ণ আৰু অগ্ৰগামী সংস্কাৰ, য’ত বহুল পৰিসৰৰ কৰ্মচাৰীক প্ৰভিডেণ্ট ফাণ্ড আৰু পেঞ্চন সুবিধাৰ অন্তৰ্ভুক্তি কৰা হৈছে।
ইয়াৰ অধীনত ডেফিচিট টিচাৰ আৰু লেকচাৰাৰ, এড-হক শিক্ষক, SSA আৰু RMSA শিক্ষক, হিন্দী আৰু বিজ্ঞান গ্ৰাণ্ট শিক্ষক, প্ৰি-প্ৰাইমাৰী শিক্ষক, লগতে বিভিন্ন শ্ৰেণীৰ অ-শিক্ষক কৰ্মচাৰীকো অন্তৰ্ভুক্ত কৰা হৈছে।
এই সকলো শ্ৰেণীক একক আৰু পেশাদাৰীভাৱে পৰিচালিত কাঠামোৰ অধীনলৈ আনি সমতা, স্বচ্ছতা আৰু স্থায়িত্ব বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।
বিবৃতিটোৱে লগতে কয় যে এই আঁচনিলৈ ইতিবাচক সঁহাৰি দেখা গৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলত কৰ্মচাৰীসকলৰ স্থায়ী অৱসৰ একাউণ্ট নম্বৰ(PRAN) খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
একেই সময়ত কিছুমান কৰ্মচাৰীৰ অংশে উত্থাপন কৰা উদ্বেগে আইনী ৰূপো লাভ কৰিছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে।
ইয়াত কোৱা হৈছে যে বিশেষকৈ ডেফিচিট শিক্ষানুষ্ঠানসমূহৰ কৰ্মচাৰীৰ মাজত কিছু আশংকা প্ৰকাশ পাইছে। বিষয়টো বৰ্তমান মেঘালয় উচ্চ ন্যায়ালয়ত (Meghalaya High Court) বিচাৰাধীন (sub judice) অৱস্থাত আছে। চৰকাৰে ইতিমধ্যে আদালতৰ সন্মুখত নটিফাই কৰা আঁচনিখন দাখিল কৰিছে আৰু সিদ্ধান্তৰ অপেক্ষাত আছে।
ভৱিষ্যৎ পথৰ বিষয়ে চৰকাৰে কয় যে সকলো অংশীদাৰৰ উদ্বেগ গঠনমূলকভাৱে সমাধান কৰাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। সেই উদ্দেশ্যে শিক্ষা বিভাগে সংশ্লিষ্ট সংগঠনসমূহৰ প্ৰতিনিধিসকলক বৈঠকলৈ আমন্ত্ৰণ জনাইছে, যাতে তেওঁলোকৰ সমস্যাসমূহ ভালদৰে বুজা যায় আৰু সম্ভাৱ্য সমাধানৰ পথ বিচাৰি উলিয়াব পাৰি।
এই বৈঠক ৬ মে’ তাৰিখে বিয়লি ৩ বজাত সচিবালয়ৰ মূল কনফাৰেন্স হলত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়া হৈছে।
অধিক পঢ়ক - মেঘালয়তো ফুলিব নেকি পদুম?