গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক আশ্বাস দি কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমত বিজেপিয়ে অহা পাঁচ বছৰতো অবিৰতভাৱে কাম কৰি যাব। “অসমৰ সামগ্ৰিক উন্নয়নেই আমাৰ মূল লক্ষ্য হৈ থাকিব,” বুলি তেওঁ মত প্ৰকাশ কৰে।
বিজেপি বিধায়ক দল আৰু এনডিএৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ কিছুসময় পিছতে দলীয় কৰ্মীসকলক সম্বোধন কৰি ড° শৰ্মাই বিজেপি নেতৃত্বাধীন এনডিএৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে চৰকাৰে অসমত শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ বাবে কাম অব্যাহত ৰাখিব।
ড° শৰ্মাই কয় যে এই বিপুল জনাদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগবঢ়োৱা উন্নয়নমূলক কাৰ্যসূচীৰ ওপৰত জনসাধাৰণৰ আস্থাক প্ৰতিফলিত কৰিছে।
“বিভিন্ন বিষয়ত আলোচনা কৰাৰ পিছত আমি পুনৰ এবাৰ জনসাধাৰণৰ আশীৰ্বাদ লাভ কৰিছোঁ। অসমৰ কল্যাণ আৰু উন্নয়নৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি আৰু নিষ্ঠাৰে কাম কৰিছে। ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই নিয়াৰ বাবে জনসাধাৰণে আমাক আশীৰ্বাদ জনাইছে,” বুলি তেওঁ কয়।
ড° শৰ্মাই লগতে কয় যে বিগত কেইবছৰ ধৰি অব্যাহত উন্নয়নমূলক পদক্ষেপ আৰু সু-শাসনৰ জৰিয়তে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
“এই চৰকাৰে অসমক দ্ৰুত উন্নয়ন আৰু স্থিতিশীলতাৰ দিশে আগুৱাই নিয়াৰ বাবেই অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিছে। আমি ৰাজ্যবাসীক আশ্বাস দিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ অগ্ৰগতিৰ বাবে আমি অবিৰতভাৱে কাম কৰি যাম,” বুলি তেওঁ লগতে কয়।
অধিক পঢ়ক - মোদীৰ নেতৃত্বত অসম দৃঢ়ভাৱে উন্নয়নৰ পথত আগবাঢ়িছে, বিজেপিয়ে লাভ কৰিলে ‘অভূতপূৰ্ব’ জনাদেশঃ জে পি নাড্ডা