গুৱাহাটী: অসম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত শৰত মহন্ত ফাউণ্ডেচনে আয়োজিত কৰা শৰত মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান উদ্বোধন কৰে।
স্বৰ্গীয় অধ্যাপক শৰত মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপালে তেওঁক এজন বিশিষ্ট শিক্ষাবিদ আৰু সামাজিক চিন্তাবিদ বুলি অভিহিত কৰে, যাৰ জীৱন আৰু কৰ্মই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰিব। তেওঁ অধ্যাপক মহন্তৰ দীৰ্ঘদিনীয়া শৈক্ষিক অৱদান, যুৱ মন গঠনত তেওঁৰ ভূমিকা, লগতে অসম মানৱ অধিকাৰ আয়োগত কাৰ্যৰত সময়ত বঞ্চিত শ্ৰেণীৰ অধিকাৰ ৰক্ষাত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।
ৰাজ্যপালে লগতে কয় যে শিক্ষা কেৱল জ্ঞান আহৰণৰ মাধ্যম নহয়, ই চৰিত্ৰ গঠন আৰু দায়িত্বশীল নাগৰিক গঢ়াৰ এক প্ৰক্ৰিয়া। তেওঁ উল্লেখ কৰে যে অধ্যাপক মহন্তৰ প্ৰগতিশীল আৰু গণতান্ত্ৰিক আদৰ্শ আজিৰ সমাজতো যথেষ্ট প্ৰাসংগিক। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে মহান ব্যক্তিত্বৰ অৱদানো স্মৰণ কৰে, যিসকলৰ শিক্ষাই আজিও সমাজক পথ প্ৰদৰ্শন কৰি আহিছে।
এই অনুষ্ঠানত OP Jindal Global University, Haryana-ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক (ড°) C. ৰাজ কুমাৰে “India@100: education, justice and technologyৰ জৰিয়তে ভবিষ্যৎ গঠন” বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰে। লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই সুপ্ৰিম ক’ৰ্টৰ প্ৰাক্তন ন্যায়াধীশ মাইকেল ডি. উইলছনেও অনুষ্ঠানত ভাষণ দিয়ে।
প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ৰবি ক’টা, আৰক্ষী মহাপৰিদৰ্শক (DGP) হৰমীত সিং আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
অধিক পঢ়ক - উৎকোচ লোৱাৰ অপৰাধত লখিমপুৰত কৰ্তব্যৰত এজন বন ৰেঞ্জাৰক গ্ৰেপ্তাৰ