গুৱাহাটী: ড° হিমন্ত বিশ্ব শৰ্মাই ১২ মে’ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। এইটোৱে ২০১৬ চনৰ পৰা অসমত এনডিএৰ তৃতীয় কাৰ্যকালৰ সূচনা কৰিব।
ড° শৰ্মাই নিশা তেওঁৰ এক্স হেণ্ডেলত লিখিপ্ছেৰকাশ কৰিছে যে, “মই আনন্দৰে ঘোষণা কৰিছো যে মোৰ চাৰি গৰাকী সহকৰ্মী ক্ৰমে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে মোৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। লগতে ৰঞ্জিত কুমাৰ দাস অসমৰ বিধানসভাৰ অধ্যক্ষ পদৰ বাবে আমাৰ প্ৰাৰ্থী হ’ব।”
গুৱাহাটীৰ খানাপাৰাত অৱস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা ১১ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য মন্ত্ৰীসকলক শপত গ্ৰহণ কৰাব।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন, আৰু এনডিএ শাসিত ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। লগতে দেশৰ বহু শীৰ্ষ উদ্যোগপতিও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
শপত গ্ৰহণ অনুষ্ঠানৰ বাবে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন সুসজ্জিত কৰা হৈছে, লগতে গুৱাহাটী মহানগৰীতো সৌন্দৰ্য্যবৰ্ধনৰ কাম কৰা হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানস্থলীৰ প্ৰস্তুতি পৰিদৰ্শন কৰে।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি ড° শৰ্মাই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিশা প্ৰায় ১০:৩০ বজাত গুৱাহাটীলৈ আহিব। অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল—ৰাজনাথ সিং, অমিত শ্বাহ, নিৰ্মলা সীতাৰামন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন আদি সকলেও আজি নিশাই গুৱাহাটীলৈ আহিব। ৰাজ্যৰ বিভিন্ন জিলাৰ সত্ৰাধিকাৰসকলে শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব, লগতে অসমৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকলো উপস্থিত থাকিব।”
নতুন NDA 3.0 চৰকাৰৰ অগ্ৰাধিকাৰ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক পাঁচ বছৰৰ বাবে চৰকাৰৰ দিশ নিৰ্ধাৰণ কৰাত নিৰ্বাচনী ইস্তাহাৰে (manifesto) পথ প্ৰদৰ্শন কৰিব।
ড° হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনত প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, যেতিয়া বিজেপি নেতৃত্বাধীন এনডিএই অসম বিধানসভা নিৰ্বাচনত সহজ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। তেওঁ ২০২১ চনৰ ১০ মে’ তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
অধিক পঢ়ক - মোদীৰ নেতৃত্বত অসমৰ সামগ্ৰিক উন্নয়নক মূল লক্ষ্য হিচাপে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ