আজিৰ অসম

১১সংখ্যক পানচেন লামাক মুক্তি দিবলৈ চীনা কমিউনিষ্ট পাৰ্টিক তিব্বতীয়সকলৰ আহ্বান

তিব্বতৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিযানে (ICT) লগতে বিশ্বজুৰি থকা তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী আৰু তিব্বত সমৰ্থকসকলে চীনা কমিউনিষ্ট পাৰ্টি (CCP)-ক ১১ সংখ্যক পানচেন লামাক তৎক্ষণাত মুক্তি দিয়াৰ আৰু চীনৰ আইন তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি অনুসৰি তেওঁৰ অধিকাৰ আৰু স্বাধীনতা পুনঃস্থাপনৰ আহ্বান জনাইছে।

Sentinel Digital Desk

বেইজিং: তিব্বতৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিযানে (ICT) লগতে বিশ্বজুৰি থকা তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী আৰু তিব্বত সমৰ্থকসকলে চীনা কমিউনিষ্ট পাৰ্টি (CCP)-ক ১১ সংখ্যক পানচেন লামাক তৎক্ষণাত মুক্তি দিয়াৰ আৰু চীনৰ আইন তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি অনুসৰি তেওঁৰ অধিকাৰ আৰু স্বাধীনতা পুনঃস্থাপনৰ আহ্বান জনাইছে।

International Campaign for Tibet (ICT)-এ প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, ১৯৯৫ চনৰ ১৭ মে’ত চীনা কৰ্তৃপক্ষই ছয়বছৰীয়া তিব্বতীয় শিশুৰূপে গেদুন চোয়েক্যি নিয়িমাক অপহৰণ কৰিছিল। ইয়াৰ কিছুদিন পূৰ্বেই তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই তেওঁক তিব্বতীয় বৌদ্ধ ধৰ্মৰ অন্যতম গুৰুত্বপূর্ণ নেতা পানচেন লামাৰ পুনর্জন্ম হিচাপে স্বীকৃতি দিছিল।

এপ্ৰিল মাহত নিৰ্বাসিত তিব্বতীয়সকলে পানচেন লামাৰ ৩৭সংখ্যক জন্মদিন উদযাপন কৰিছিল যদিও ১৯৯৫ চনত চীনে তেওঁ আৰু তেওঁৰ অভিভাৱকক আটক কৰাৰ পাছৰে পৰা আজিলৈকে তেওঁলোকক ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই।

ICT-ৰ সভাপতি টেনচো গ্যাত্সোৱে কয়, “১৭ মে’ তিব্বতীয় ইতিহাসৰ এক শোকাৱহ দিন। সেইদিনা চীন চৰকাৰে আমাৰ পৰা এজন পূজনীয় ধৰ্মীয় নেতাক — এজন ছয়বছৰীয়া শিশুক — কঢ়িয়াই লৈ গৈছিল। CCP-এ আজিলৈকে তেওঁ আৰু তেওঁৰ পৰিয়ালক আটক কৰি ৰাখিছে।”

তেওঁ লগতে কয়, “আমি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প, সচিব ৰুবিঅ’ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় নেতাসকলক আহ্বান জনাইছোঁ যাতে তেওঁলোকে ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু চীনা বিষয়াসকলক পানচেন লামাক তৎক্ষণাত মুক্তি দিবলৈ আৰু তিব্বতীয় সাংস্কৃতিক আৰু ধৰ্মীয় প্ৰথাত হস্তক্ষেপ বন্ধ কৰিবলৈ চাপ প্ৰয়োগ কৰে।”

ICT-এ নিজৰ বিবৃতিত কয়, “পানচেন লামাৰ অৱস্থান সম্পৰ্কে তথ্য প্ৰকাশ কৰিবলৈ CCP-ৰ অস্বীকাৰ হৈছে তিব্বতত চলি থকা দমননীতি আৰু সাংস্কৃতিক আত্মসাৎ অভিযানৰ এক অংশ। পানচেন লামাক অপহৰণ কৰাটো আছিল দালাই লামাৰ উত্তৰাধিকাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ CCP-ৰ পৰিকল্পনাৰ প্ৰথম পদক্ষেপ।”

গেদুন চোয়েক্যি নিয়িমাক অপহৰণ কৰাৰ পিছত চীনা কৰ্তৃপক্ষই তেওঁৰ স্থানত গ্যালছেন নৰবু নামৰ আন এজন তিব্বতীয় শিশুক নিযুক্তি দিয়ে। কিন্তু তিব্বতীয়সকল আৰু আন্তঃৰাষ্ট্ৰীয় সমাজে এই নিযুক্তিক স্বীকৃতি দিয়া নাই।

ICT-এ বিবৃতিত লগতে কয়, জাতিগত ঐক্য আৰু প্ৰগতি আইন’ নামৰ নতুন আইন, যি ১ জুলাইৰ পৰা কার্যকৰী হ’ব, আৰু চীনৰ ১৫সংখ্যক পাঁচবছৰীয়া পৰিকল্পনা হৈছে CCP-ৰ শেহতীয়া পদক্ষেপ, যাৰ লক্ষ্য হৈছে চীনৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় মানবাধিকাৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি তিব্বতৰ স্বকীয় ভাষা, ধৰ্ম আৰু সাংস্কৃতিক ঐতিহ্য ধ্বংসৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা। চীনে ৬০ বছৰতকৈ অধিক সময় ধৰি ঐতিহাসিকভাৱে স্বাধীন দেশ তিব্বতক অবৈধভাৱে অধিকাৰ কৰি ৰাখিছে।”

বিবৃতিটোত আৰু কোৱা হয়, “২০১০ চনৰ পৰা তিব্বতৰ মৰ্যাদা সম্পৰ্কে স্থায়ী সমাধানৰ বাবে তিব্বতীয় নেতাসকলৰ সৈতে CCP-এ কোনো আলোচনা কৰা নাই। লগতে চীনা কৰ্তৃপক্ষই তিব্বতীয় বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা তথা বিশ্বজুৰি সন্মানিত ব্যক্তিত্ব দালাই লামাক ১৯৫৯ চনত নিৰ্বাসনত পঠোৱাৰ পিছৰে পৰা প্ৰায় সাত দশক ধৰি তিব্বতলৈ ঘূৰি যাবলৈ অনুমতি দিয়া নাই।” (IANS)

অধিক পঢ়ক - ভুৱা MBBS অৰ্হতা দাবী কৰি অসমৰ দৰঙত ভণ্ড চিকিৎসক