গুৱাহাটী: ১৬সংখ্যক অসম বিধানসভাত ১২৬ জন সদস্যৰ ভিতৰত ৪৭ জন নতুন মুখ অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ভিতৰত ভাৰতীয় জনতা পাৰ্টি (BJP)-য়ে সৰ্বাধিক ২৭খন আসন লাভ কৰা নতুন বিধায়কৰে শীৰ্ষস্থান দখল কৰিছে, তাৰ পাছতে অসম গণ পৰিষদ (AGP)-এ ৬জন নতুন বিধায়ক লাভ কৰিছে।
বহু ৰাজনৈতিক দলে পূৰ্বৰ বিধানসভাৰ কিছুমান বিধায়কক এইবাৰ টিকট নিদিয়াৰ ফলত নতুন মুখৰ সংখ্যা বৃদ্ধি পাইছে বুলি তথ্য প্ৰকাশ পাইছে।
অসম বিধানসভা সচিবালয়ৰ তথ্য অনুসৰি নতুন বিধায়কৰ ভিতৰত বিজেপিৰ অমিয়া কান্তি দাস (ধলাই), মুনিন্দ্ৰ দাস (বিহালী), নিলিমা দেৱী (মঙলদৈ), অৰূপ কুমাৰ দে (বিজনী), নিসো তেৰাংপি (ডিফু), বিকাশ শইকীয়া (টীয়ক), ড৹ ৰাজদীপ ৰয় (শিলচৰ), ৰুপম চন্দ্ৰ ৰয় (বাউখুংৰি), ময়ুৰ বৰগোহাঁই (নাজিৰা), বিজয় কুমাৰ গুপ্তা (মধ্য গুৱাহাটী) আদি উল্লেখযোগ্য।
কংগ্ৰেছৰ পৰা আমিনুৰ ৰশিদ চৌধুৰী (কৰিমগঞ্জ দক্ষিণ), বেবী বেগম (ধুবুৰী), নূৰুল ইছলাম (শ্ৰীজংগ্ৰম), ড৹ জয় প্ৰকাশ দাস (নাওবৈচা), তনজিল হুছেইন (চামগুৰি), মোহিবুৰ ৰহমান (মানকাছাৰ) আদি নতুন বিধায়ক অন্তৰ্ভুক্ত হৈছে।
AGP, BPF আৰু অন্যান্য দলসমূহেও কেইবাজনো নতুন বিধায়ক লাভ কৰিছে। ইয়াৰ ভিতৰত টনকেশ্বৰ ৰাভা (দুধনৈ), ধীৰাজ গোৱালা (তিতাবৰ), ধৰ্মেশ্বৰ ৰয় (বজালি) আদি নাম উল্লেখযোগ্য।
ইফালে, ১৬সংখ্যক বিধানসভাৰ আটাইতকৈ কনিষ্ঠ বিধায়ক হৈছে কংগ্ৰেছৰ তনজিল হুছেইন, যাৰ বয়স মাত্ৰ ২৭ বছৰ।
অধিক পঢ়ক - চন্দ্ৰমোহন পাটোৱাৰীয়ে ১৬ নং অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে