গুৱাহাটীঃ চাৰিদিনীয়া কাৰ্য্য়সূচীৰে আজিৰে পৰা আৰম্ভ ১৬সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশন। প্ৰথম দিনাই নবনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু নতুন বিধানসভাৰ অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ’ব।
অসম বিধানসভা সচিবালয়ৰ তথ্য অনুসৰি, প্ৰ’টেম স্পীকাৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে ১২৫জন বিধায়কক শপত পাঠ কৰাব।
এনডিএই বিজেপি বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে। মন্ত্ৰী অতুল বৰা, চৰণ বড়ো, বিধায়ক পিয়ূশ হাজৰিকা সহ বিজেপি, অগপ আৰু বিপিএফৰ বিধায়কসকলে তেওঁৰ মনোনয়ন দাখিল কৰে।
ভৱানীপুৰ-সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাস এই পদৰ একমাত্ৰ প্ৰাৰ্থী হোৱাত তেওঁৰ অধ্যক্ষ হোৱাটো প্ৰায় নিশ্চিত।
২২ মে’ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যয়ে নতুন বিধায়কসকলক উদ্দেশ্যি ভাষণ দিব। অধিৱেশন ২৬ মে’ত সমাপ্ত হ’ব। ১৬সংখ্যক অসম বিধানসভাত এনডিএৰ ১০২জন আৰু বিৰোধীৰ ২৪জন সদস্য আছে।
অধিক পঢ়ক - North East Students’ Organizationৰ নেতৃত্বত গুৱাহাটীত ছাত্ৰ সংগঠনসমূহৰ বৈঠক, মণিপুৰ পৰিস্থিতি আৰু উত্তৰ-পূৰ্বৰ ঐক্যৰ ওপৰত জোৰ