গুৱাহাটীঃ অসমত ২০২৪ চনত আৰক্ষীয়ে মুঠ ৯৮,৩৯৫টা ভাৰতীয় জাল মুদ্ৰা নোট জব্দ কৰে, যাৰ মুঠ মূল্য ৪,৯৪,৪৩,২২০ টকা।
শেহতীয়াকৈ প্ৰকাশিত এনচিআৰবি (ৰাষ্ট্ৰীয় অপৰাধ নথিভুক্তকৰণ ব্যুৰো)ৰ ‘ক্ৰাইম ইন ইণ্ডিয়া ২০২৪’ প্ৰতিবেদন অনুসৰি, জব্দ কৰা ৯৮,৩৯৫টা জাল নোটৰ ভিতৰত ২,০০০ টকীয়া ৩৩৪টা নোট আছিল, যাৰ মূল্য ৬.৬৮ লাখ টকা। ৫০০ টকীয়া ৯৭,৪০৬টা নোটৰ মূল্য ৪৮৭.০৩ লাখ টকা। ২০০ টকীয়া ১০৮টা নোটৰ মূল্য ২১,৬০০ টকা, ১০০ টকীয়া ৪৭৪টা নোটৰ মূল্য ৪৭,৪০০ টকা, ৫০ টকীয়া ৬৩টা নোটৰ মূল্য ৩,১৫০ টকা। ইয়াৰ উপৰিও ২০ টকীয়া ৩টা আৰু ১০ টকীয়া ৭টা জাল নোট জব্দ কৰা হয়।
২০২৪ চনত বিভিন্ন অপৰাধজনিত ঘটনাত আৰক্ষীয়ে ৯,০৫,৯৫৫ টকা নগদ ধনো জব্দ কৰে। লগতে বছৰত আৰক্ষীয়ে মুঠ ১৬১টা অস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটৰ পৰা ২টা, এজন ব্যক্তিৰ পৰা এটা বৈধ অস্ত্ৰ আৰু আনসকলৰ পৰা ১৫৮টা অবৈধ অস্ত্ৰ জব্দ কৰা হয়। লগতে ৯৮৮টা গুলী-বাৰুদো জব্দ কৰা হয়।
অধিক পঢ়ক - মোদীৰ নেতৃত্বত অসমৰ সামগ্ৰিক উন্নয়নক মূল লক্ষ্য হিচাপে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ