গুৱাহাটী: উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় (MDoNER)-এ ২০২৫-২৬ বিত্তীয় বৰ্ষত সংশোধিত বাজেট অনুমানৰ ৯২.৬৬ শতাংশ ব্যয় কৰি উল্লেখযোগ্য সফলতা লাভ কৰিছে। ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা এই বিত্তীয় বৰ্ষত মন্ত্ৰালয়টোৱে ৪,৪৭৯.২০ কোটি টকাৰ সংশোধিত বাজেট অনুমানৰ ভিতৰত ৪,১৫০.৫৩ কোটি টকা ব্যয় কৰিছে বুলি জানিবলৈ দিছে।
এন ই চি (উত্তৰ-পূব পৰিষদ), উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি, বিশেষ উন্নয়ন পেকেজ, উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (পি এম-ডেভিন) আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যলৈ পুঁজি আৱণ্টন কৰে। সংশ্লিষ্ট ৰাজ্যসমূহে মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ অধীনত এই প্ৰকল্পসমূহ ৰূপায়ণ কৰে।
২০২৫-২৬ বৰ্ষত পুঁজি ব্যৱহাৰৰ বিষয়ে MDoNER-এ প্ৰকাশ কৰা তথ্য অনুসৰি, NEC-ৰ বাবে সংশোধিত অনুমান বাজেট আছিল ১,০০০ কোটি টকা, যাৰ ভিতৰত ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৭৪২.৪৭ কোটি টকা ব্যয় কৰা হৈছে।
উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ সংশোধিত বাজেট অনুমান আছিল ১,৬০৪.৯৯ কোটি টকা, যাৰ ভিতৰত ১,৫৯১.২৪ কোটি টকা ব্যয় কৰা হৈছে।
ইফালে বিশেষ উন্নয়ন পেকেজৰ অধীনত সংশোধিত অনুমান বাজেট আছিল ২৩২.৫৫ কোটি টকা, যাৰ ভিতৰত ২০৮.৩৮ কোটি টকা ব্যয় কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰালয়টোৱে বিশেষ উন্নয়ন পেকেজৰ অধীনত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (BTC), কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC), ডিমা হাসাও স্বায়ত্তশাসিত পৰিষদ (DHAC) আদি সংস্থালৈ পুঁজি প্ৰদান কৰে।
অধিক পঢ়ক - ভাৰত-ম্যানমাৰ ড্ৰাগছ চক্ৰৰ কিংপিন চিনতুৱাঙক দিল্লীত গ্ৰেপ্তাৰ