আজিৰ অসম

ৰাজনীতিতকৈ সমাজ শক্তিশালী: ভাৰতক একত্ৰিত কৰাত আৰ্ট অৱ লিভিঙৰ ভূমিকাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে

সমাজখনক একত্ৰিত কৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা গুৰুদেৱ শ্ৰীশ্ৰী ৰবি শংকৰৰ ‘জীৱন কলা’ ফাউণ্ডেশ্যনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাজনীতি আৰু চৰকাৰতকৈ সমাজ অধিক শক্তিশালী বুলি কয়।

Sentinel Digital Desk

বেংগালুৰুঃ সমাজখনক একত্ৰিত কৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা গুৰুদেৱ শ্ৰীশ্ৰী ৰবি শংকৰৰ ‘জীৱন কলা’ ফাউণ্ডেশ্যনক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাজনীতি আৰু চৰকাৰতকৈ সমাজ অধিক শক্তিশালী বুলি কয়।

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ‘আৰ্ট অৱ লিভিং’ৰ ৪৫ বৰ্ষপূর্তি আৰু গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰৰ ৭০ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ আধ্যাত্মিক মূল্যবোধে বিশ্বজুৰি মানুহক প্ৰভাৱিত কৰিছে। তেওঁ লগতে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ বিষয়ে সজাগতা বৃদ্ধিত গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰৰ অৱদানৰ কথাও উল্লেখ কৰে।

“আজি বিশ্বজুৰি মানুহে ভাৰতৰ আধ্যাত্মিক মূল্যবোধৰ পৰা প্ৰভাৱিত হৈছে আৰু এই প্ৰাচীন পৰম্পৰাৰ পৰাই অনুপ্ৰেৰণা লাভ কৰি আহিছে। সেই একেই চেতনাৰে অনুপ্ৰাণিত হৈ শ্ৰী শ্ৰী ৰবিশংকৰে ৪৫ বছৰ পূৰ্বে ‘আৰ্ট অৱ লিভিং’ৰ বীজ ৰোপণ কৰিছিল। আজি ই আমাৰ সন্মুখত এক বিশাল বটবৃক্ষৰ দৰে থিয় হৈ আছে,” বুলি তেওঁ মত প্ৰকাশ কৰে।

“যিকোনো অভিযান তেতিয়াহে সফল হয় যেতিয়া সমাজৰ শক্তি তাৰ সৈতে যুক্ত হয়। সেয়ে প্ৰতিটো গুৰুত্বপূৰ্ণ লক্ষ্যৰ বাবে সমাজৰ শক্তিক জাগ্ৰত কৰাটো অত্যন্ত প্ৰয়োজনীয়। মই সদায় বিশ্বাস কৰি আহিছোঁ যে সমাজ ৰাজনীতি আৰু চৰকাৰতকৈ অধিক শক্তিশালী। সমাজ নিজেই যেতিয়া ৰাষ্ট্ৰ গঠনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেতিয়াহে যিকোনো চৰকাৰ সফল হ’ব পাৰে,” বুলি তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে বৈচিত্ৰ্যৰ মাজতো আনৰ বাবে জীয়াই থকাৰ মানসিকতাই ভাৰতক একত্ৰিত কৰি ৰাখিছে।

“ভাৰত বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এখন দেশ। ইয়াত বহু ভাষা, বহু পৰম্পৰা, বিভিন্ন ৰীতি-নীতি আৰু ভিন্ন উপাসনা পদ্ধতি আছে। আমাৰ সকলোৰে মনত প্ৰায়ে এটা প্ৰশ্ন উদয় হয় — এই সকলোকে একত্ৰিত কৰি ৰখা মূল উপাদানটো কি? ইয়াৰ উত্তৰ হ’ল নিজৰ বাবে নহয়, আনৰ বাবে জীয়াই থকাৰ মানসিকতা,” বুলি তেওঁ কয়।

গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰক জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি গুৰুদেৱৰ ৭০ সংখ্যক জন্মদিন। শতবৰ্ষ উদযাপনৰ সময়তো মই পুনৰ আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিম। আজি এই দিৱ্য আৰু ভৱ্য ধ্যান মন্দিৰৰ উদ্বোধন কৰা হৈছে। সংকল্প স্পষ্ট থাকিলে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰিলে প্ৰতিটো প্ৰচেষ্টাই শুভ ফল কঢ়িয়াই আনে।”

ভাষণ অনুষ্ঠিত হোৱা পদ্ম আকৃতিৰ ছাদৰ প্ৰতি আঙুলিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আন কিবা হওক বা নহওক, আমি সকলো পদ্মৰ আশ্ৰয়ত আছোঁ। আৰু গুৰুদেৱৰ আশীৰ্বাদত এই পদ্মৰ আশ্ৰয়ে দেশক নতুন উচ্চতালৈ লৈ যাব।”

প্ৰধানমন্ত্ৰী মোদীয়ে বেংগালুৰুস্থিত আৰ্ট অৱ লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নতুনকৈ নিৰ্মিত ধ্যান মন্দিৰৰ উদ্বোধনো কৰে। এই বিশেষ ধ্যান কেন্দ্ৰটো অন্তৰৰ শান্তি আৰু সামগ্ৰিক সুস্থতাৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছে।