গুৱাহাটী: দিছপুৰত নতুন এনডিএ চৰকাৰ গঠনৰ পূৰ্বে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসম তথা বিটিআৰ (BTR)-ৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দলটোৱে মন্ত্ৰীসভাত দুখন আসনৰ আশা প্ৰকাশ কৰিছে।
আজি সংবাদ মাধ্যমৰ সৈতে কথা পাতি বিএফপিৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে কয়, “অসম বিধানসভা নিৰ্বাচনত এনডিএক বিপুল সমৰ্থন দিয়াৰ বাবে মই অসমৰ জনসাধাৰণক ধন্যবাদ জনাইছো। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত পাঁচ বছৰত ৰাজ্যত উল্লেখযোগ্য উন্নয়ন হৈছে।
জনসাধাৰণে দিয়া এই বৃহৎ জনাদেশে এনডিএ 3.0 চৰকাৰৰ দায়িত্ব অধিক বৃদ্ধি কৰিছে। বিটিআৰকে ধৰি আমি সকলোৱে একেলগে ৰাজ্যখন আগুৱাই নিয়া উচিত। বিটিআৰত কিছুমান সমস্যা সমাধান হৈছে যদিও এতিয়াও বহু বিষয় সমাধান কৰিবলগীয়া আছে। সেই বিষয়সমূহ আমাৰ অগ্ৰাধিকাৰৰ তালিকাত থাকিব।”
মন্ত্ৰীসভাত বিএফপিৰ আশা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয়, “এনডিএৰ ১০২খন আসনৰ ভিতৰত বিজেপিয়ে অকলে ৮২খন আসন লাভ কৰিছে। এই ৮২জন বিধায়কৰ মাজত বহু জ্যেষ্ঠ ৰাজনীতিবিদ আছে। আমাৰ দল বিএফপি আৰু অসম গণ পৰিষদে ১০খনকৈ আসন লাভ কৰিছে। সেয়ে আমি দুগৰাকী মন্ত্ৰী পদৰ আশা কৰিছো। যদিও চূড়ান্ত সিদ্ধান্ত ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত।”
বিএফপিৰ জ্যেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে পুনৰবাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰি ১৬সংখ্যক অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ইউপিপিএল প্ৰাৰ্থী দীপেন বড়োক পৰাস্ত কৰে।
অধিক পঢ়ক - হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব