আজিৰ অসম

ৰীল বনোৱা যুৱক-যুৱতীক কেনেদৰে পাকিস্তানৰ গুপ্তচৰ হিচাপে ব্যৱহাৰ কৰিছে ISI-এ

ISI-এ ভাৰতত গুপ্তচৰ নিযুক্ত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। এইসকল লোকক টকা বা ব্লেকমেইলৰ জৰিয়তে দেশৰ সংবেদনশীল তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Sentinel Digital Desk

নতুন দিল্লীঃ যোৱা এবছৰত পাকিস্তানৰ গুপ্তচৰ সংস্থা ISI-সমৰ্থিত গোচৰত গ্ৰেপ্তাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ISI-এ ভাৰতত গুপ্তচৰ নিযুক্ত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। এইসকল লোকক টকা বা ব্লেকমেইলৰ জৰিয়তে দেশৰ সংবেদনশীল তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ইন্টেলিজেন্স ব্যুৰোৰ এজন বিষয়াই জনোৱা মতে, পাকিস্তানত বহি কিছুমান ৰীল ক্ৰিয়েটাৰ আৰু হেণ্ডলাৰে বিশেষভাৱে ছ’চিয়েল মিডিয়াত ৰীল বনোৱা লোকসকলক লক্ষ্য কৰি আছে।

এইসকল লোকে ৰীল বনোৱা বহু লোকৰ মানসিকতা বুজি পায় আৰু সেই সুযোগ লৈ তেওঁলোকক পাকিস্তানৰ বাবে কাম কৰিবলৈ ফান্দত পেলায়।

বিষয়াসকলে কয় যে বহু ৰীল নিৰ্মাতাৰ মূল লক্ষ্য কেৱল অধিক ‘এনগেজমেণ্ট’ বা লাইক-ফ’ল’ৱাৰ বৃদ্ধি কৰা। ISI-এ এই দুৰ্বলতাকেই ব্যৱহাৰ কৰি আছে। ইয়াৰ বাবে বহু ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট সৃষ্টি কৰি ৰীলত অধিক লাইক আৰু মন্তব্য দিয়া হয়।

পাছত এই ভুৱা একাউণ্টৰ জৰিয়তে সেই ব্যক্তিসকলৰ সৈতে কথোপকথন আৰম্ভ কৰা হয়। কিছু সময়ৰ পিছত তেওঁলোকক অধিক ফ’ল’ৱাৰ আৰু এনগেজমেণ্টৰ লোভ দেখুওৱা হয়। বহুতে এই ফান্দত পৰি যায়।

প্ৰথমতে এইসকল লোকক কি কাম কৰিব লাগিব সেয়া কোৱা নহয়। পিছত কিছুমান নিৰ্দিষ্ট স্থানৰ ভিডিঅ’ বনাই পঠাবলৈ কোৱা হয়। বহুতে বিষয়টোৰ গুৰুত্ব নুবুজি সেই কাম কৰে।

পাছত তেওঁলোকক সামান্য টকা দিয়া হয় আৰু সংবেদনশীল স্থানৰ তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হয়।

বিষয়াসকলে কয় যে এই কৌশল ISI-এ পূৰ্বে গঢ়ি তোলা ‘ইনফ্লুৱেঞ্চাৰ নেটৱৰ্ক’-ৰ সৈতে একে ধৰণৰ। ডাঙৰ ইনফ্লুৱেঞ্চাৰসকলক টকাৰ লোভ দেখুওৱা হয়, আনহাতে সৰু ৰীল নিৰ্মাতাসকলক লাইক আৰু ফ’ল’ৱাৰৰ লোভ দেখুওৱা হয়।

উত্তৰ প্ৰদেশৰ জায়েদ খানৰ ঘটনাটো ইয়াৰ উদাহৰণ। তেলেংগানা আৰক্ষীয়ে গুপ্তচৰবৃত্তিৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। জেৰাৰ সময়ত জায়েদে কয় যে তেওঁ নিয়মীয়াকৈ ৰীল পোষ্ট কৰিছিল। ৰানা হুছেইন আৰু আভিদ নামৰ দুজন লোকে তেওঁৰ ৰীলত লাইক দি যোগাযোগ আৰম্ভ কৰিছিল।

এনগেজমেণ্ট বৃদ্ধি পোৱাৰ পিছত জায়েদে তেওঁলোকৰ বাবে কাম কৰিবলৈ সন্মত হয়। তেওঁক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ব্যক্তিগত সহায়কৰ মোবাইল নম্বৰ আৰু ৰাজ্যৰ কেইবাজনো মন্ত্ৰীৰ তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল।

এংগেজমেণ্টৰ উপৰিও জাইদ খানক পিষ্টল দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। ইয়াৰ বাবে তেওঁক পাকিস্তানস্থিত ডনৰ নামত ইউ পিত পোষ্টাৰ লগাবলৈ কোৱা হৈছিল।

বিষয়াসকলে কয় যে বহু ৰীল নিৰ্মাতাই নিজৰ কামৰ গুৰুত্ব বা পৰিণাম বুজি নাপায়। বহু সময়ত অধিক এনগেজমেণ্টৰ লোভত তেওঁলোকে ভাল-বেয়া বিচাৰ নকৰাকৈ কাম কৰে। ISI-এ এই মানসিকতাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আছে।

বৰ্তমান গোপ্তচোৰ সংস্থাসমূহে কেৱল ডাঙৰ ইনফ্লুৱেঞ্চাৰ নহয়, সাধাৰণ ৰীল নিৰ্মাতাসকলৰ ছ’চিয়েল মিডিয়া কাৰ্যকলাপো নিবিড়ভাৱে নিৰীক্ষণ আৰম্ভ কৰিছে।

বিষয়াসকলে কয় যে ‘অপাৰেশ্যন সিন্দুৰ’-ৰ পিছত ISI-এ ভাৰতত গুপ্তচৰ নেটৱৰ্ক বিস্তাৰৰ চেষ্টা বহুগুণে বৃদ্ধি কৰিছে। পাকিস্তান ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অধিক তথ্য সংগ্ৰহ কৰিব বিচাৰে যাতে সেই তথ্য ব্যৱহাৰ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীক বিব্ৰত কৰিব পাৰে।

অধিক পঢ়ক - বাৰিষা আৰম্ভ; ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান