ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ, বৃহস্পতিবাৰ, ২৪ জুন, ২০২১ৰ ৰাশিফল

Sentinel Digital Desk

            
                                                                                                                             জন্মদিনত বৰ্ষফল

যদি আপোনাৰ জন্মদিন ২৪ জুন, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত বুধ গ্ৰহে শুক্ৰৰ লগত ৪০ ডিগ্ৰীৰ কোণ কৰি অৱস্থান কৰিছে আৰু ইয়ে বছৰটোত আপোনাক মিশ্ৰিত ফল দিব। আপুনি অধিক আত্মবিশ্বাসী হৈ উঠিব আৰু উত্সাহ-উদ্দীপনাৰে আপোনাৰ কাম সম্পূ্ৰণ কৰিব। কোনো কোনো সময়ত আপুনি খৰধৰকৈ কাম কৰিব। কিন্তু এনেদৰে কাম কৰিলে আপুনি আকাংক্ষিত ফলাফল নাপাব পাৰে। আপুনি আনৰ পৰামৰ্শ আওকাণ কৰিব পাৰে। কিন্তু সিয়ে আপোনাৰ উপকাৰ সাধন নকৰে। কোনো কোনো সময়ত আপুনি ধৈৰ্য্য হেৰুৱাব পাৰে। কিন্তু লাহে লাহে পৰিস্থিতি উন্নত হব পাৰে। আপুনি ভালৰ ফালে দৃষ্টি দিব আৰু নিজৰ শক্তি-সামৰ্থ পুনৰ আহৰণ কৰিব। আপোনাৰ সামৰ্থত জ্যেষ্ঠ কৰ্মচাৰীসকলে আস্থা ৰাখিব। আপোনাক কামৰ দায়িত্ব দিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হব। আপোনালৈ ধন-সম্পত্তিৰ আগমন অব্যাহত থাকিব। আপুনি কোনো পৰিচিত ব্যক্তি বা কাৰ্যালয়ৰ কোনো সহ-কৰ্মীৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে। সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে আপুনি পৰিপক্কতা আৰু বহু ধৈৰ্য্য ধৰিব লাগিব। আপুনি ব্যৱসায়ৰ লগত জড়িত বহু ভ্ৰমণসূচী হাতত লব।

শুভ তাৰিখসমূহ : ৬, ১৫,২৪

শুভ দিনসমূহ : সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ : ৰঙা, গুলপীয়া, জলফাই

আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপোনাৰ প্ৰেম-জীৱন পূৰ্ণতাৰে উপচি পৰিব আৰু আপুনি বিবাহৰ কথা চিন্তা কৰিব। আপোনাৰ এই সিদ্ধান্তক সকলোৱে গ্ৰহণ কৰিব আৰু প্ৰত্যকেই আপোনাৰ বিবাহ উদযাপন কৰিবলৈ প্ৰস্তুত হব। ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞান অৰ্জনৰ দিন হব। আপুনি আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। তেওঁলোকে আপোনাক সহায় কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ স্বভাৱৰ লগত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ থকা অমিলে পৰস্পৰক পৰস্পৰৰ প্ৰতি আকৰ্ষিত কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অধিক আকৰ্ষণীয়ৰূপে আৱিস্কাৰ কৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ গুণক বহুদিশত মহতৰূপেও ধাৰণা কৰিব। আপুনি আপোনাৰ সন্তানৰ পঢ়া-শুনাত ধন ব্যয় কৰিব। আপুনি বাহুল্যতাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন। আপুনি আপোনাৰ ব্যৱসায় বা কৰ্ম সম্প্ৰাৰণৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিব।

মিথুন : (২২ মে – ২১ জুন)

আপুনি পুৰণি বিবাদৰ কথা পাহৰি যোৱা উচিত। পুৰণি কথা খুচৰি উলিয়ালে আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘূণে ধৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক ভবা ধৰণে আগনাবাঢি আন দিশেৰে আগবাঢ়িব পাৰে। আপোনাৰ কাম বা ব্যৱসায়ত থকা সমস্যা দূৰ হব। আজিৰ দিনটো আপোনাৰ বাবে ভাল আৰু সৌভাগ্যৰ দিনৰূপে প্ৰমাণিত হব। আপুনি দিনটো উপভোগ কৰক।

কৰ্কট: (২২ জুন – ২২ জুলাই)

অতিৰিক্ত দায়িত্ব পালন কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আপুনি কৰ্মস্থলীত যথেষ্ট মানসিক চাপ বহন কৰিবলগীয়া হব পাৰে। ইয়ে আপোনাক ভাগৰুৱা কৰি তুলিব আৰু আপুনি প্ৰেমিক বা প্ৰেমিকাৰূপে পালন কৰিবলগীয়া দায়িত্ব পালনত অসমৰ্থ হব পাৰে। বন্ধৰ দিনসমূহত আপুনি প্ৰচুৰ আনন্দ-স্ফূৰ্তি কৰিব। আপুনি পৰিয়ালৰ সৈতে কোনো ভ্ৰমণসূচী হাতত লব। আপুনি এই সময়ছোৱাত ভাল আয় কৰিবলৈ সক্ষম হব। আন ধৰণে দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ দিন হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা উচিত। আপুনি আজিৰ সন্ধিয়াতো বন্ধুবৰ্গৰ সৈতে পাৰ কৰিব। নিৰ্দিষ্ট সময়ৰ পূ্ৰ্বে আপুনি কাম সম্পূৰ্ণ কৰাত সফল হব। আপুনি নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। আপুনি বজাৰ কৰা আৰু আমোদ-প্ৰমোদতো আজি ব্যস্ত থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আন কোনো সংস্কৃতিৰ কোনো প্ৰতি আপুনি আকৰ্ষিত হব। আৰু সেই ব্যক্তিজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ কথা আপুনি চিন্তা কৰিব। আপুনি সন্মুখীন হোৱা বাধা-বিঘিনি দূৰ হব। আপুনি জ্যেষ্ঠসকলৰ পৰামৰ্শ লব। ইয়ে আপোনাক উপকৃত কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ আজিৰ দিনটো সুখৰ হব। আপুনি সুখ অনুভৱ কৰাৰ বাবে ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তোলাৰ কথা চিন্তা কৰিব পাৰে। জীৱনসংগীৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি পাব। আজিৰ দিনটো আপোনাৰ বাবে সম্পৰীক্ষাৰ দিন হব। কাম বা ব্যৱসায়ত আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হব।কিন্তু আপুনি নীৰৱে আৰু শান্তিপূৰ্ণভাবে কাম কৰিব আৰু ইয়াক আপুনি উপভোগ কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আোপনাৰ জীৱনসংগীৰ প্ৰতি মৰম-স্নেহ অদিক বৃদ্ধি পাব। তেওঁ আপোনাৰ পৰা অধিক মৰম-স্নেহ আশা কৰিব। আপুনি আপোনাৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব আৰু নিজৰ কাম ভালদৰে শেষ কৰিব। ধনৰ দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এক উমেহতীয়া লক্ষ্য আৰু উদ্দেশ্যই আপোনালোক স্বামী-স্ত্ৰীক আজি ব্যস্ত ৰাখিব। দুয়োকে উচ্চাকাংক্ষী কৰি ৰাখিব আৰু দুয়োজনে সফলতা কামনা কৰিব। ইয়ে আপোনালোকক অধিক কাষ চপাই আনিব। আপুনি বিত্তীয় লাভালাভ অৰ্জন কৰিব। আপুনি কৰা বিনিয়োগৰ জৰিয়তে ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি পৰিয়ালৰ কথাও চিন্তাও কৰিব আৰু যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ পৰা পৃথক হোৱা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লগ ধৰিবলৈ আপুনি আজি দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব। হৃদয়ত বহু আশা লৈ আজি আপুনি এই যাত্ৰা হাতত লব। আপুনি আজি বহু পৰিমাণৰ ধন লাভ কৰিব। আপোনাৰ প্ৰতিভা উন্মোচিত হব। কিন্তু আপুনি গ্ৰহণ কৰা কেতবোৰ পদক্ষেপত ভুল-ভ্ৰান্তি তাকিব আৰু আপুনি আনৰ দ্বাৰা পৰিচালিত হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আজি এনে এক পৰিস্থিতিৰ সন্মুখীন হব, যি পৰিস্থিতিত আপুনি নতুন প্ৰেম চম্ভালি লোৱাৰ বাবে অনেক ধৈৰ্য ধৰিবলগা হব। আপুনি নিজৰ সামৰ্থ অনুসৰি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। বিত্তীয় দিশত আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। আপুনি প্ৰিয়জনৰ পৰা প্ৰেম আৰু সহযোগিতা লাভ কৰিব। আপুনি নতুন সম্পৰ্ক গঢ়ি তোলাৰ পৰিৱৰ্তে পুৰণি সম্পৰ্ক সজীৱ কৰি তুলিবলৈ বিচাৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আোপনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আকাংক্ষা অনুসৰি নিজৰ পৰিকল্পনালৈ হঠাত পৰিৱৰ্তন আনিব। কিন্তু ইয়ে আপোনাৰ মনত হতাশাৰ সৃষ্টি কৰিব পাৰে। আপুনি কাম নিজৰ ইচ্ছা অনুসৰি কৰিব। সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি বা লেখা-মেলাৰ লগত জড়িত ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এই সময়ছোৱা অতি সুন্দৰ সময়। আপোনাৰ মনত উত্সাহ অটুট থাকিব আৰু আপুনি পূৰ্ণ উদ্যমেৰে কাম কৰিব। আপোনাৰ স্বাস্থ্য উন্নত হব।