ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৮ ছেপ্টেম্বৰ, বুধবাৰ, ২০২১)

Sentinel Digital Desk

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ ভৱিষ্যতৰ আঁচনি প্ৰস্তুতৰ বাবে এয়াই উপযুক্ত সময়। আপোনাৰ জীৱনত ক্ৰিয়া কৰা কথা-বতৰাবোৰক লৈ আপুনি অতি সুখী হব। আপুনি বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ভাবিব পাৰে। আপুনি এক সন্ধিক্ষণত উপস্থিত হব আৰু নিজকে অসহায় অনুভৱ কৰিব পাৰে। আপোনাক সহায় কৰিবলৈ কোনোৱেই আগবাঢ়ি নাহিব। কিন্তু আপোনাৰ আভ্যন্তৰীণ শক্তিয়ে সঠিক সময়ত আপোনাক সহায় কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি পাৰ্টী আয়োজন কৰিব পাৰে, কাৰণ আপুনি আপোনাৰ প্ৰিয়জনক বিবাহৰ প্ৰস্তাৱ আগবঢ়াব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ বাবে এটা ডাঙৰ পাৰ্টীৰ আয়োজন কৰিব পাৰে। আপুনি হাতত লোৱা কাম সম্পূৰ্ণ নকৰালৈকে ক্ষান্ত নহব । কিন্তু আপুনি আপোনাৰ কেৰিয়াৰৰ শীৰ্ষস্তৰত উপনীত হোৱাৰ বাবে খৰধৰ কৰাৰ প্ৰয়োজন নাই । সকলো কথা-বতৰা ঠিকে-ঠাকে আছে ।

মিথুন : (২২ মে' – ২১ জুন)

বিত্তীয় লাভালাভ আহৰণে আপোনাক আনন্দ-স্ফূৰ্তিৰ শীৰ্ষলৈ নিব। আপুনি এনে এক অৱস্থানত উপনীত হব যে আপুনি নিজৰ ভুল-শুদ্ধ হিচাপ কৰি থকাৰ প্ৰয়োজন নহব। আপুনি পৰিয়ালৰ বাবে হাত-খুলি ধন খৰচ কৰিব। আপুনি আশাৰ নতুন পথ দেখিব। আপুনি কঠোৰ সন্মুখীন হব। আপোনাক লৈ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ সুখী হব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ মনত সন্দেহ উদয় হব যে এই সময়ছোৱা কোনো প্ৰতিশ্ৰুতি দিয়াৰ সময় হবনে নহয় বুলি। আপুনি ব্যক্তিগত আৰু পেচাগত জীৱনত নতুন পৰিকল্পনা কৰি উজ্জীৱিত আৰু উদ্যমী অনুভৱ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন। আপুনি প্ৰচুৰ লাভ আদায় কৰিব। আপুনি আপোনাৰ স্বাস্থ্যক লৈ সাৱধান হব। আৰু আপুনি তুলনামূলকভাবে ভাল অনুভৱ কৰিব। আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাক আতংকিত কৰিব পৰা কিছু পৰিস্থিতিৰ উদ্ভৱ হব পাৰে। তদুপৰি আপুনি ভৱিষ্যতক লৈ সন্দেহৰ দোমোজাত পৰিব পাৰে। আপুনি অকলশৰীয়া হোৱাৰ আশংকাত থাকিব পাৰে । আপোনাৰ বাবে ধন, টকা-পইচা অতি গুৰুত্বপূৰ্ণ হব। আপোনাৰ আয় বৃদ্ধি পাব । এই সময়ছোৱাত আপোনাৰ আয় বৃহত্ হব। আপোনাৰ পৰোপকাৰী প্ৰকৃতি মানুহৰ মাজত আলোচনাৰ বিষয় হব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

বৈচিত্ৰপূৰ্ণ অনুভূতিয়ে আপোনাক ৰহস্যময় যেন কৰি তুলিব পাৰে । আপুনি আপোনাৰ এগৰাকী জ্যেষ্ঠ বা কনিষ্ঠ সহকৰ্মীৰ প্ৰেমত পৰিব, ইয়ে আপোনাৰ অন্তৰত সুকীয়া অনুভূতিৰ সৃষ্টি কৰিব। আপোনাৰ ৰাশিচক্ৰত বৃহস্পতি আৰু চন্দ্ৰৰ অৱস্থানে আপোনাৰ ভাগ্য উদয় কৰিব। আপুনি কাম বা ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপুনি লাভত থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি নিজকে অধিক সামাজিক কৰি তুলিব আৰু নতুন নতুন মানুহৰ সংগ উপভোগ কৰিব। আজি আপুনি অনেক আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব। আপোনাৰ কাষত আপোনাৰ প্ৰিয়জন থকাৰ পৰিপ্ৰেক্ষিতত আপুনি আনন্দিত হৈ থাকিব । আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু নিজৰ শক্তি-সামৰ্থ অনুযায়ী সিদ্ধান্ত লব আৰু আপুনি সঠিক প্ৰমাণিত হব। আপুনি সঁচা বন্ধুৰ লেখীয়াকৈ আচৰণ কৰিব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

দিনটোৰ শেষৰফালে আপোনাৰ লগত আপোনাৰ প্ৰিয়জনৰ অন্তৰংগতা বৃদ্ধি পাব পাৰে । তথাপি আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা কিছু সময়ৰ বাবে আঁতৰত থাকিব পাৰে। পুনৰ দুয়ো লগ হবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হব পাৰে। পতি-পত্নীৰ মাজত পাৰস্পৰিক বুজা-পৰা থাকিব। আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ নাম-যশস্যা সকলোতে থাকিব। আপুনি সুখী অনুভৱ কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ খং-ক্ষোভৰ সন্মুখীন হব পাৰে । কাৰণ আপুনি তেওঁক লগ কৰিবলৈ যাওঁতে পলম কৰিব অথবা তেওঁক সাক্ষাতেই নকৰিব। দুয়োজনে একেলগে কম সময় অতিবাহিত কৰাটোৱে তেওঁক আপোনাৰ প্ৰতি ক্ষুব্ধ কৰি তুলিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ সহকৰ্মী আৰু কনিষ্ঠসকল আপোনাৰ পক্ষত থাকিব। আপোনাৰ কৰ্ম-শৈলী আনৰ পৰা সুকীয়া হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি গোটেই দিন পেচাগত ক্ষেত্ৰত আপুনি দৌৰাদৌৰিকৈ কাম কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি অধিক আশা নকৰিব । কাৰণ আপুনি প্ৰেমৰ বাবে সময় দিবলৈ আহৰি নাপাব অথবা আৰু কামৰ হেঁচা বহন কৰিবলৈ শৰীৰত উদ্যম-স্পৃহা নাথাকিব। আপুনি ধৰ্মীয় কাম-কাজত ব্যস্ত থাকিব। ইয়ে আপোনাক মানসিক শান্তি দিব। আপোনাৰ ৰাশিচক্ৰত মঙল আৰু চন্দ্ৰৰ অৱস্থানে ধনৰ আগমন ঘটাব। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তি ঘটিব।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আজি আপুনি প্ৰস্তুত কৰা কৰ্ম-পৰিকল্পনাই বাস্তৱৰ পোহৰ নেদেখিব পাৰে, কাৰণ এইবোৰ অতি দূৰ ভৱিষ্যতক লৈ প্ৰস্তুত কৰা। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত কৰা ভ্ৰমণৰ বাবদ কিছু পৰিমাণৰ ধন ব্যয় কৰিবলগা হব পাৰে। অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকল আগ্ৰহী হব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব। আপুনি প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰটো সফল হব। আপুনি কৰ্ম-স্থলীত ব্যস্ত থাকিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ ব্যৱসায়িক অংশীদাৰ সলনি হোৱাৰ প্ৰৱল ইংগিত সূচিত হৈছে। আপুনি নতুন পৰিস্থিতিৰ মুখামুখী হব পাৰে আৰু বিমোৰত পৰিব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী। আধৰুৱা হৈ থকা আপোনাৰ কাম সম্পূ্ৰ্ণ হৈ উঠিব। সম্পত্তিৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হব।