ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২ অক্টোবৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ জীৱনৰ সমস্যাবোৰ সমাধা কৰিবলৈ সক্ষম হ'ব ৷ আপোনাক আপোনাৰ জীৱনসংগীয়ে সহায় কৰিবলৈ বিচাৰিলে তেওঁক বিমুখ নকৰিব। কাৰণ তেওঁ আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে । আজি আপুনি ঘৰৰ পৰা ফুৰিবলৈ যাব আৰু বহু মানুহৰ লগত কথা-বতৰা হ'ব ৷ আপুনি কোনো বস্তু কিনা-বেচাৰ পৰিকল্পনা কৰিব ৷ আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ কিছু মইমতালি স্বভাৱে আপোনাক সহায় কৰিব ৷ আপোনাৰ কোনেও সুযোগ ল'ব বিচাৰিব আৰু আপুনি পোনপটীয়াকৈ তেওঁৰ প্ৰস্তাৱ নাকচ কৰিব ৷ আপুনি আপোনাৰ জ্ঞানৰ বলত কোনো এজনক প্ৰচুৰ লোকচান ভৰাৰ পৰা ৰক্ষা কৰিব ৷ আপুনি জ্ঞানবৰ্ধক সাহিত্য পঢ়ি সময় অতিবাহিত কৰিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আজি অলসতাৰে দিনটো আৰম্ভ কৰিব ৷ কিন্তু লাহে লাহে আপোনাৰ কামৰ গতি বৃদ্ধি পাব ৷ আপুনি অধিক কাম কৰিব পাৰিব বুলি আশা নকৰিব। কিন্তু আপোনাৰ দিনটো শান্তিপূৰ্ণভাবে পাৰ হ'ব ৷ আপুনি মানুহৰ সৈতে সংযোগ বৃদ্ধি কৰিব ৷ আপুনি আপোনাৰ ঘৰৰ নিৰ্মাণ কামো সম্পূৰ্ণ কৰিব ৷ আপুনি আপোনাৰ সম্পৰ্কে আপোনাৰ মনত ভাল ভাব সৃষ্টিৰ উদ্দেশ্য যৎপৰোনাস্তি চেষ্টা চলাব ৷

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপুনি ভাল খবৰ আশা কৰিব পাৰে ৷ ব্যক্তিগত সম্পৰ্কত পৰিৱৰ্তনৰ সূচনা হ'ব ৷ আপুনি কোনো নতুন এজনৰ সৈতে সম্পৰ্ক গঢ়িবলৈ বিচাৰিব আৰু জীৱনলৈ নাটকীয়তা আহিব ৷ আপোনাৰ শত্ৰুৱে আপোনাৰ লগত বন্ধুত্ব গঢ়িব বিচাৰিব ৷ আপুনি উদাৰ হ'ব ৷ আপুনি বন্ধু-বৰ্গৰ সংগ পাব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেম-ৰোমান্সত ইতিবাচক চিন্তাধাৰাৰ সূচনা হ'ব আৰু আপোনাৰ দৃষ্টিভংগীও ইতিবাচক হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো আপোনাৰ লেখীয়া হ'বলৈ উৎসাহিত কৰিব আৰু যাতে দুয়োজনে এটা ভাল সম্পৰ্ক উপভোগ কৰিব পাৰে ৷ আপুনি সহজেই জটিল কাম সম্পন্ন কৰিব ৷ আপুনি প্ৰাণশক্তিপূৰ্ণ আৰু তজবজীয়া হ'ব ৷ আপুনি পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা অৰ্জন কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে এটা মহত্ত্বপূৰ্ণ দিন হ'ব। আপুনি ধীৰ গতিৰে কাম আৰম্ভ কৰিব, কিন্তু শেষ ভাল হ'ব ৷ আপোনাৰ দৰমহা বৃদ্ধি পাব ৷ ভাই-ভনীৰ মাজত মৰম-চেনেহ বৃদ্ধি পাব৷ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব ৷ কামত আপুনি প্ৰচুৰ উন্নতি সাধন কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

এক সুকীয়া অভিজ্ঞতাই আপোনাক বিমোৰত পেলাব পাৰে ৷ এনে পৰিস্থিতিতো আপুনি কাৰোৰে সহায় নাপাব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক উদ্ধাৰৰ চেষ্টা চলাব, যিটো আপোনাৰ অহংবোধৰ ওপৰত আঘাত হ'ব ৷ আপুনি সমস্যাৰ পৰা মুক্ত হ'ব ৷ চাকৰি বা ব্যৱসায়ৰ সুযোগ বৃদ্ধি পাব ৷ আপুনি ফলদায়ক কামত সময় খৰচ কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে এটা জটিল দিন হ'ব ৷ কাম সম্পন্ন কৰিবলৈ আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব লাগিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ত সহমত পোষণ নকৰি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনত দুঃশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি আপোনাৰ কাৰণে বয়বস্তু ক্ৰয়ত ব্যস্ত থাকিব ৷ বন্ধুবৰ্গৰ লগত আপোনাৰ সম্পৰ্ক ভালে থাকিব ৷ চৰকাৰৰ সৈতে সম্পৰ্কিত কামে গুৰুত্ব পাব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত তৰ্কাতৰ্কি কৰিব পাৰে ৷ আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ছেদ কৰিব পাৰে ৷ আৰু বিষয়টো গুৰত্বসহকাৰে আলোচনা কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে শক্তিশালী অনুভৱ কৰিব আৰু শক্তিসম্পন্ন হৈ থাকিব ৷ আপুনি আৰাম আৰু সুখী অনুভৱ কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হ'ব৷ আপুনি আপোনাৰ প্ৰেমিকাক ফুৰাবলৈ নিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে এটা আকৰ্ষণীয় উপহাৰ ক্ৰয় কৰিব ৷ ব্যৱসায়িক কামত জটিলতা থাকিব ৷ কিন্তু সময়ৰ লগে লগে সকলো সমধা হ'ব ৷ কামক লৈ আপোনাৰ দুঃশ্চিন্তা নাথাকিব ৷ আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি কোনো কথা ভুলকৈ অনুধাৱন কৰি ভুল কৰিব পাৰে ৷ কিন্তু আপোনাৰ জীৱনসংগীয়ে সেয়া শুধৰাব ৷ আজি সন্ধিয়াটো আপুনি বন্ধু-বান্ধৱৰ লগত পাৰ কৰিব ৷ আপুনি সকলোৰে প্ৰিয়ভাজন হ'ব ৷ আপুনি আপোনাৰ আত্মীয়-স্বজনৰ সৈতে সু-সম্পৰ্ক ধৰি ৰাখিব ৷ আপুনি নতুন মানুহ লগ পাব। আপুনি সম্পূৰ্ণৰূপে স্ব-সন্তুষ্ট হ'ব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি বিতৰ্কৰ পৰা আঁতৰি থাকিব ৷ আপুনি এক পৰিস্থিতিত সাঙোৰ খাবলৈ নিবিচাৰিব, যাৰ পৰা পৰিত্ৰাণৰ উপায় নাপাব। আপুনি আপোনাৰ জ্ঞান আৰু বিচাৰ-বিবেচনা প্ৰয়োগ কৰা উচিত ৷ স্বামী-স্ত্ৰীৰ মাজৰ বুজাবুজি ভাল হ'ব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ স্বাস্থ্য ভাল হ'ব ৷