ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৬ অক্টোবৰ, বুধবাৰ, ২০২১)

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি ৰূপ কথাৰ দৰে প্ৰেম-ৰোমান্স কৰিব বিচাৰিলেও তাৰ বাবে প্ৰয়োজনীয় যত্ন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰিব ৷ আপোনাৰ বাবে এতিয়া ধৈৰ্যই মূল হৈ উঠিছে ৷ আপুনি ভালপোৱা কোনো কাম সম্পূৰ্ণ হৈ উঠাৰ বাবে আপুনি আনন্দিত হ'ব ৷ আপোনাৰ কৰ্ম-আঁচনিয়ে আপোনাক সফলতাৰ দিশে লৈ যাব ৷

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

প্ৰেম মানে আপোনাৰ বাবে বহু কথা ৷ আপুনি প্ৰেমৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰিবলৈ ইচ্ছ্যুক হ'ব আৰু সুযোগ হেৰাবলৈ নিদিব ৷ কাৰোবাৰ সৈতে হোৱা এক অপ্ৰত্যাশিত সাক্ষাতে আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি প্ৰেমৰ ভাবৰ সৃষ্টি কৰিব পাৰে ৷ চাকৰিত আপুনি পদোন্নতি লাভৰ সুযোগ আছে ৷ আপুনি ধনৰ কেৱল বিনিয়োগেই নকৰিব, ধন ব্যৱহাৰো কৰিব ৷ আপুনি আজিৰ দিনটো বন্ধু-বান্ধৱৰ সৈতে আনন্দ মনেৰে পাৰ কৰিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি নিজকে কামৰ পৰা মুক্ত কৰিবলৈ চাব, যাতে প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিব পাৰে ৷ আপুনি প্ৰিয়জনৰ পৰা পৃথকে থাকিব পাৰে ৷ কাৰণ তেওঁক দিবলৈ সময় উলিয়াব নোৱাৰিব পাৰে ৷ আজিৰ দিনটোৱে আপোনাক বহুখিনিয়েই দিব ৷ আপোনাৰ কৰ্ম-সামৰ্থ্য বৃদ্ধি পাব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি নিজক কেন্দ্ৰ কৰি সৃষ্টি কৰি লোৱা পৰিবৃত্তৰ পৰা ওলাই আহিব আৰু মানুহৰ সৈতে মিলা-মিছা কৰিবলৈ ল'ব ৷ প্ৰেমে আপোনাৰ লগ এৰা নিদিব ৷ সেয়ে আপুনি ভবাতকৈ সোনকালে আপোনাৰ জীৱনলৈ প্ৰেম আহিব ৷ আপোনাৰ সদস্যবৰ্গ আৰু বন্ধু-বান্ধৱে আপোনাক যথেষ্ট সহায় কৰিব ৷ তেওঁলোকৰ পৰা আপুনি যথেষ্ট মৰম-স্নেহ পাব ৷ আপুনি আনন্দিত হ'ব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ ক্ষেত্ৰত এক ছিৰিয়াছ সম্পৰ্কত আছে আৰু এই সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ কথা চিন্তা কৰিব ৷ আপুনি কিছু বস্তু লাভ কৰিব ৷ আপোনাৰ পেচাৰ সৈতে জড়িত সকলো সমস্যা সমাধান হ'ব ৷ আপোনাৰ ব্যৱসায়ৰ উত্তৰণ ঘটিব ৷ আপুনি কোনো বিবাহ-উৎসৱৰ লগত জড়িত থাকিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ বাবে কোন সঠিক হ'ব, সেয়া নিশ্চিতভাবে আপুনি জানে ৷ আপুনি নিজৰ প্ৰজ্ঞাসহ আপোনাৰ বাবে সঠিক ব্যক্তিজনৰ সন্ধানত থাকিব। আজি আপুনি এটা ভাল খবৰ পাব। আপোনাক সন্তানৰ কাম-কাজে সন্তুষ্ট কৰিব ৷ ধন অৰ্জনৰ ক্ষেত্ৰত এই সময়ছোৱা আপোনাৰ বাবে অনুকূল। আপুনি আপোনাৰ পদক্ষেপৰ জৰিয়তে সুফল পাব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিকো সাক্ষাৎ কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

প্ৰেমিক-প্ৰেমিকাসকলে একেলগে সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ গৈ বা তেওঁৰ বাবে ব্যয়বহুল সুন্দৰ উপহাৰ ক্ৰয় কৰি ধন খৰচ কৰিব ৷ আপুনি বিত্তীয় লাভ পাব ৷ আত্মবিশ্বাসৰ বলত আপুনি লাভ আদায় কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱৰ সংখ্যা বৃদ্ধি কৰিব৷ আপুনি এটা পদোন্নতি পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এক প্ৰত্যাহ্বানজক প্ৰেমৰ সম্পৰ্কৰ বাবে প্ৰস্তুতি চলাওক ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰাটো কঠিন হ'ব আৰু আপুনি তেওঁক সন্তুষ্ট কৰাৰ পথৰ সন্ধানত থাকিব ৷ প্ৰত্যাশা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে ফলাফল পাব ৷ ৰাশিচক্ৰত বৃহস্পতিৰ অৱস্থানে আপোনাৰ লাভৰ পথ মুকলি কৰিব ৷ বিষয়া-কৰ্মচাৰীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হ'ব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি প্ৰেমক লৈ বিশেষ চিন্তা নকৰিলেও সপোনৰ ব্যক্তিজনক লগ পাব ৷ আপুনি বিয়াৰ কথা নাভাবিলেও আপোনাৰ বৰ্তমানৰ সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ চেষ্টা কৰিব ৷ চাকৰিৰ ক্ষেত্ৰত আপোনাক অতিৰিক্ত দায়িত্ব দিয়া হ'ব ৷ আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়া সন্তুষ্ট হ'ব ৷ আপুনি ভাল খবৰো পাব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী

এই সময়ছোৱা আপোনাৰ বাবে সুখী হোৱাৰ আৰু উদ্বিগ্নতা মুক্ত হোৱাৰ সময় । আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ তত্ত্বাৱধান ভালদৰে ল'ব আৰু আপুনি সন্তুষ্ট হ'ব ৷ আপোনালোক দুয়োজনে ওচৰৰে ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে ৷ আপুনি টকা-পইছাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত ৷ অন্যথা কোনোবাই আপোনাৰ ভাবমূৰ্তিৰ ক্ষতি কৰিব পাৰে ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ )

আপুনি অধিক দিয়া আৰু লোৱাৰ প্ৰয়োজন হ'ব ৷ আপুনি আপোনাৰ জীৱনসংগীক আপোনাৰ নিয়ন্ত্ৰণত ৰখাৰ প্ৰৱণতাই তেওঁৰ মনত আপোনাক লৈ ভয় ভাবৰ সৃষ্টি কৰিব ৷ গতিকে আপুনি সাৱধান হওক আৰু তেওঁক আতংকিত নকৰিব ৷ খৰধৰকৈ কোনো সিদ্ধান্তই নল'ব ৷ আপোনাৰ কথাত আপোনাৰ আত্মীয়-স্বজনে ভুল বিচাৰি পাব ৷ কিন্তু কোনোবাজনক আপুনি ধাৰে দিয়া ধন উদ্ধাৰত আপোনাক আপোনাৰ সহকৰ্মীয়ে সহায় কৰিব ৷

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দ হ'ব আৰু বহু দিশত আপুনি এয়া কৰাৰ চেষ্টা কৰিব ৷ হয়তো আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ জীৱনসংগীৰ আকৰ্ষণ পোৱা নাই ৷ আপোনাৰ বাবে পৰিৱেশ-পৰিস্থিতিৰ কিছু পৰিৱৰ্তন হ'ব ৷ আপুনি উন্নত ফলাফল লাভ কৰিব ৷ ইয়াৰ কাৰণ হ'ব আপোনাৰ সাহস, মানসিক দৃঢ়তা আৰু দূৰদৃষ্টি ৷ আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে ঠিকে থাকিব ৷