ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ১৮ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ জীৱন অনুকূল হ'ব ৷ আপোনাৰ জীৱনসংগীয়ে আপোনাক সুখী কৰি ৰাখিব আৰু আপুনি তেওঁ আপোনাক দিয়া গুৰুত্ব উপভোগ কৰিব ৷ স্বামী-স্ত্ৰীৰ মাজত উচ্চ পৰ্যায়ৰ বুজাবুজি থাকিব ৷ আপোলোকে পৰস্পৰৰ ভালপোৱা আৰু আগ্ৰহৰ কাম কৰিব ৷ আপুনি ঘৰুৱা বয়-বস্তু ক্ৰয় কৰি ধন ব্যয় কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

যদি আপুনি অবিবাহিত তেন্তে আপোনাক গুৰুত্ব দিয়া কোনোবা এজন ব্যক্তিক লগ পাব ৷ আপোনাৰ কৰ্ম-পাৰদৰ্শিতাক লৈ আপোনাৰ উৰ্ধতন বিষয়া সুখী হ'ব ৷ আপুনি আপোনাৰ কামৰ প্ৰতিও গুৰুত্ব দিব ৷ আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মীৰ লগত কোনো বিষয় আলোচনা কৰিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি পূৰ্বৰ তুলনা শান্ত-শীতল হ'ব ৷ আপোনাৰ বৈবাহিক জীৱনত দেখা দিয়া দুঃশ্চিন্তা দূৰ হ'ব আৰু আপুনি আপোনাৰ জীৱনসংগীৰ সান্নিধ্য উপভোগ কৰিব ৷ আপুনি আপোনাৰ বাহনৰ যান্ত্ৰিক দিশ চোৱাচিতা কৰা উচিত ৷ কাৰণ চলাই থাকোঁতে যান্ত্ৰিক বিজুটিয়ে দেখা দিব পাৰে ৷ আপুনি এনে এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

এই সময়ছোৱাত আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক লৈ জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে ৷ কাৰণ তেওঁ আপোনাক কৰিবলৈ দিয়া এটা কামে আপোনাক বিপাঙত পেলাব ৷ ভুল-শুদ্ধৰ মাজেৰে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ৷ কোনোবাই আপোনাৰ মানহানি কৰাৰ অপচেষ্টা চলাব পাৰে ৷ ব্যৱসায়তো আপুনি এটা সাহসী সিদ্ধান্ত ল'ব ৷ আপুনি আপোনাৰ কামক গুৰুত্বসহকাৰে ল'ব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ ক্ষেত্ৰত কোনো বিশেষ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে ৷ আজিৰ দিনটো নিয়মীয়া ৰুটিন আধাৰিত হ'ব ৷ কিন্তু আপুনি আপোনাৰ প্ৰিয়জনৰ সান্নিধ্যত সুখী অনুভৱ কৰিব ৷ দুয়োজনে একেলগে সময় অতিবাহিত কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপুনি আবেগিকভাবে শক্তিশালী হৈ থাকিব ৷ ধনৰ ক্ষেত্ৰতো আপুনি শক্তিশালী হৈ থাকিব ৷ আপুনি ধাৰে দিয়া ধন ঘূৰাই পাব ৷

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

কোনো বিবাদ-বিতৰ্ক সৰু হৈ থাকোঁতেই সমাধা কৰক ৷ অন্যথা ইয়াৰ মাত্ৰা বৃদ্ধি পাব পাৰে ৷ কোনো পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ বাবে আপুনি তৃতীয় ব্যক্তিৰ সহায় ল'বলগীয়া হ'ব পাৰে ৷ আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব ৷ আপোনাৰ সন্মানো বৃদ্ধি পাব ৷ কোনো কথাকলৈ আপোনাৰ মনত থকা সন্দেহ মৰিষণ হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা স্বাভাৱিক।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি প্ৰত্যাশিত ফল লাভ কৰিব ৷ আপুনি কামৰ ক্ষেত্ৰত অধিক চেষ্টা কৰিব লাগিব ৷ আপোনাৰ প্ৰেম-জীৱন ঠিকে থাকিলেও সুখৰ অভাৱ ঘটিব ৷ আপুনি নিজৰ কাম আৰু ঘৰৰ তত্ত্বাৱধান ল'ব ৷ কথা-বতৰাবোৰৰ মাজত ভাৰসাম্যও ধৰি ৰাখিব ৷ আপুনি বতৰৰ খাদ্য খাব ৷ আপোনাৰ কাম সম্পাদন হ'ব ৷

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ পৰিয়ালৰ কাৰোবাক লগ পাই নাৰ্ভাছ অনুভৱ কৰিব ৷ কিন্তু সকলো ঠিকে থাকিব আৰু আপোনাক তেওঁলোকে উষ্ম আদৰণি জনাব ৷ আপুনি উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত সংযোগ স্থাপন কৰিব ৷ আপুনি মানসিক শান্তি পাব ৷ ব্যক্তিগত লাভালাভ আৰু কেৰিয়াৰৰ মাজত অহংবোধক প্ৰাধান্য বিস্তাৰ কৰিবলৈ নিদিব ৷ আপোনাৰ কাম হৈ উঠিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাক দিয়া সতৰ্কবাণী উৰুৱাই নিদিব ৷ কাৰণ আপুনি বিপদৰ সন্মুখীন হোৱাৰ আশংকা আছে আৰু বিপদত পৰিলে আপুনি উদ্ধাৰৰ বাবে কোনো মানুহ নাপাব। এই সময় হৈছে আপুনি ধীৰে-সুস্থিৰে অগ্ৰসৰ হোৱাৰ সময় আৰু আপুনি অতি প্ৰেক্টিকেল হোৱাৰ প্ৰয়োজন ৷ এটা ভাল খবৰে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ আপুনি আপোনাৰ ব্যক্তিগত আৰু ব্যৱসায়িক কামত ব্যস্ত থাকিব ৷ দুয়োটা ক্ষেত্ৰতে আপোনাৰ পাৰদৰ্শিতা প্ৰশংসনীয় ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি আপুনি কোনো পেচাগত বিষয়কলৈ জটিলতাৰ সন্মুখীন হ'ব পাৰে ৷ ইয়ে আপোনাক গ্ৰাস কৰিব আৰু তাক লৈ আপুনি ব্যস্ত থাকিব৷ আপুনি কাকো আপোনাৰ পৰিকল্পনাৰ কথা নক'ব ৷ বিত্তীয় ক্ষেত্ৰত আপোনাৰ পাৰদৰ্শিতা চমকপ্ৰদ ৷ আপুনি ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব ৷ আপুনি জীৱনত নতুন কথা শিকিবলৈ পাব ৷ আপুনি কোনোবাজনৰ পৰা অনুপ্ৰেৰণা পাব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাক আপোনাৰ কোনো আত্মীয়ই শ'লঠেকত পেলাব পাৰে আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা বহু কথাকলৈ আপুনি উদ্বিগ্ন হ'ব ৷ বাদ-বিবাদ এৰাই চলক আৰু পৰিপক্বতাৰে পৰিস্থিতি চম্ভালি লওক ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সামৰ্থ্যক স্বীকাৰ কৰিব ৷ আপুনি কোনো অনুষ্ঠানত অংশ ল'ব পাৰে ৷ আপোনাৰ অভিপ্ৰায়ৰ প্ৰতি আপোনাৰ আন্তৰিকতা থাকিব ৷ আপুনি ব্যৱসায় বা বৃত্তিত লাভ অৰ্জন কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ পেচাত উজলি উঠাৰ অনেক সুযোগ পাব ৷ আপুনি দুয়োহাতেৰে সেই সুযোগবোৰ গ্ৰহণ কৰা উচিত। সফলতাপ্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ আকাংক্ষা আৰু অভিপ্ৰায়ৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ৷ ব্যৱসায়ত আপুনি নতুন সিদ্ধান্ত ল'ব ৷ অভিজ্ঞতাৰ পৰা আপুনি কথা শিকিব আৰু জীৱনত অগ্ৰসৰ হ'ব ৷ আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন ৷