ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৭ জানুৱাৰী, শুকুৰবাৰ, ২০২২)

Sentinel Digital Desk

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ : ৭, ১৬, ২৫

শুভ বাৰসমূহঃ : মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ: নীলা, মুগা, খাকী

                                                                  আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৭ জানুৱাৰী, শুকুৰবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

যদি আপুনি অবিবাহিত তেন্তে আপোনাৰ অনুগামীৰ অভাৱ নাথাকিব ৷ তাৰে এগৰাকীক বাছি লৈ সম্পৰ্ক গঢ়িব পাৰে ৷ এনে এক সম্পৰ্ক দীৰ্ঘ সময়ৰ কৰাৰ বাবে ইতিমধ্যে সময় প্ৰায় উকলি যোৱাৰ লেখীয়া হৈছে ৷ আপুনি বিয়াৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী লাভ কৰিব লাগে ৷ আপুনি আপোনাৰ যান-বাহন সাৱধানেৰে চলাচল কৰাৰ প্ৰয়োজন৷ অন্যথা আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ আপুনি স্থায়ী পুৰণি ৰোগৰ পৰা সকাহ পাব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

কোনো সৰু-সুৰা কথাকলৈ আপুনি অন্তৰত আঘাত পাব পাৰে ৷ বিশেষকৈ আপুনি যদি সংবেদনশীল তেন্তে এনে আঘাত পাব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিক অধিক চিন্তাশীল হোৱাটো বিচাৰিব ৷ আৰু আপুনি বিৰক্ত হ'ব পাৰে ৷ আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ প্ৰয়োজনীয়তাৰ তত্বাৱধান ল'ব ৷ আপুনি অৱলম্বন কৰা কৌশলৰ জৰিয়তে প্ৰজন্মৰ মাজত থকা ব্যৱধান দূৰ হ'ব ৷ আপুনি আপোনাৰ ভাললগা প্ৰকৃতিৰ জৰিয়তে অনেক অনুগামীৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব ৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি আৰু আপোনাৰ প্ৰেমিকাই পালন কৰা ভূমিকাকলৈ দ্বন্দ্ব হ'ব পাৰে ৷ আপুনি প্ৰয়োজনত পৰিস্থিতি সলনিৰ বাবে চেষ্টা কৰিবলগা হ'ব পাৰে ৷ আুপনি এই বিষয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বন্ধুবৰ্গৰ সৈতে বিস্তৃতভাবে আলোচনা কৰিবলগীয়া হ'ব পাৰে ৷ তেওঁলোকে আপোনাক সহায় কৰিব ৷ আপুনি প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সকলো প্ৰতিবন্ধকতা আপুনি অতিক্ৰম কৰিব ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সমাপ্ত নকৰা কোনো কাম আপোনাৰ হাতত নাথাকিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি এক ভাললগা ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তোলাৰ ইংগিত সূচিত হৈছে ৷ আপুনি কোনো নতুনকৈ পৰিচিত ব্যক্তিৰ লগত ঘনিষ্ঠ হ'বলৈ বিচাৰিব ৷ কিন্তু তাৰ পৰিকল্পনা কৰি বহু সময় পাৰ কৰিব ৷ আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব ৷ আপুনি পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা লাভ কৰিব ৷ সামাজিক জীৱনে আপোনাক ব্যস্ত কৰি ৰাখিব ৷ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কত পোৱা এটা ভাল খবৰে আপোনাৰ স্পৃহা বৃদ্ধি কৰিব ৷ 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপোনাৰ আজিৰ দিনটো সুখৰ দিন হ'ব ৷ আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত ভাল সময় অতিবাহিত কৰিব ৷ আপুনি আপোনাৰ ভালদিনবোৰৰ স্মৃতিৰ মাজত নিজক হেৰুৱাই পেলাব ৷ আপুনি এখন নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি কূটনৈতিকভাবে আপোনাৰ দায়িত্ব সম্পাদন কৰিব আৰু প্ৰত্যেকেই আপোনাৰ বুদ্ধিমত্তাক অনুকৰণ কৰিব ৷ চন্দ্ৰৰ অৱস্থানে আপোনাক যথাস্থান দিব ৷ আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আজি আপুনি কাম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ধৰি ৰখাটো প্ৰত্যাহ্বানজনক হ'ব ৷ আপুনি ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দিব ৷ দিনটোৰ শেষৰ সময়ছোৱা আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত অন্তহীন আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব ৷ আপুনি আপোনাৰ জ্ঞানৰ ভঁৰাল চহকী কৰিব আৰু সন্তানৰ পৰা সুখ পাব ৷ আপোনাৰ মনোবল বৃদ্ধি পাব ৷ আপুনি কিছু পৰিমাণৰ ধনো পাব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি প্ৰেমৰ সম্পৰ্ক গঢ়াৰ আকাংক্ষাই আপোনাক জীৱনত এজন নতুন ব্যক্তিৰ সন্ধান কৰিবলৈ তাগিদা দিব ৷ আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷ আপুনি সাৱধান হোৱা উচিত।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত এক উন্নত বুজাবুজিয়ে প্ৰেম-জীৱন সহজ কৰি তুলিব ৷ আপুনি উৎসাহেৰে কামত জড়িত হ'ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ৷ এক নিৰ্দিষ্ট ধৰণেৰে আপুনি কাম কৰিব ৷ 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

সঠিক যোগাযোগৰ অভাৱে আপোনাৰ মনত কিছু অসন্তুষ্টিৰ ভাবৰ সৃষ্টি কৰিব পাৰে ৷ ইয়ে আপোনাৰ মনত গভীৰ দুখবোধৰ সৃষ্টি কৰিব আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি এটা ভাল খবৰ পাব। গভীৰভাবে ভাবি-চিন্তিহে কোনো ডাঙৰ সিদ্ধান্ত ল'ব ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত পৰস্পৰৰ প্ৰতি আন্তৰিকতা বৃদ্ধি পাব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি আপোনাৰ প্ৰেমিকাৰ পৰা সহায় বিচাৰিব পাৰে আৰু তেওঁ আপোনাক সহায় কৰিবলৈ অস্বীকাৰ নকৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা তেনে দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ক'ব, যাতে সময় উপভোগ কৰিব পাৰে ৷ আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি পদোন্নতিও পাব ৷  

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপোনাক কৰ্মস্থলীত অধিক দায়িত্বশীল হ'বলৈ নিৰ্দেশ দিয়া হ'ব পাৰে ৷ আপোনাৰ কোনোবা সহকৰ্মীয়ে আপোনাৰ লগত ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিব পাৰে আৰু সম্ভৱতঃ আপুনি এইক্ষেত্ৰত তেওঁক উৎসাহিত কৰিব ৷ আপুনি অনেক দুখ-কষ্টৰ সন্মুখীন হ'ব লাগিব ৷ আপুনি অধিক ধন অৰ্জনৰ চেষ্টা চলাওঁতে হাতত থকাখিনিও হেৰুৱাবলগীয়া হ'ব পাৰে ৷ গতিকে সাৱধান হওক ৷ আপুনি যিকোনো মূল্যৰ বিনিময়ত নিজৰ লাভৰ প্ৰতি গুৰুত্ব দিব লাগিব ৷

Content Area

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আজি আপুনি কিছু ভাল মুহূৰ্ত পাৰ কৰিব পাৰে আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু ইয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷ আপুনি নিজকে সামাজিক কৰি তুলিব আৰু কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল'ব ৷