ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল ( শুকুৰবাৰ, ২১ জানুৱাৰী, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

Sentinel Digital Desk

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৩, ১২, ২১, ৩০

শুভ বাৰসমূহঃ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ ৰঙা, নীলা, সেউজীয়া 

                                                                         আজিৰ দিনটোৰ ৰাশিফল ( শুকুৰবাৰ, ২১ জানুৱাৰী, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি এজন নতুন পচ্ছন্দৰ ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে আপোনাৰ আবেগ-অনুভূতিৰ বিস্ফোৰণ ঘটিব পাৰে ৷ এই ব্যক্তিজনৰ হৃদয় জয় কৰাৰ বাবে আপুনি সৌহাৰ্দ্যপূৰ্ণ আৰু উষ্ম হ'ব ৷ কল্পনাৰে ভৰপূৰ লেনদেনত ধন বিনিয়োগ নকৰিব ৷ অন্যথা আপুনি বিত্তীয় লোকচানৰ সন্মুখীন হ'ব ৷ আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মচাৰীৰ লগত ভাল সম্পৰ্ক ৰাখিব ৷ আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব।

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি ভালপোৱা ব্যক্তিজনৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷ এক অপ্ৰত্যাশিত ঘটনাই এনে সুপৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি জীৱনকলৈ অতি সুখী হ'ব ৷ আপুনি পুৰণি বন্ধু-বান্ধৱক লগ পাব ৷ আপুনি ধন লাভৰ সম্ভাৱনা আছে ৷ অবিবাহিতসকল বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷ মনৰ পৰা নিৰাশা আৰু নেতিবাচক অনুভূতি দূৰ হ'ব আৰু পৰিৱেশ-পৰিস্থিতি স্পষ্ট হ'ব ৷ 

মিথুন : (মে ২২ - জুন ২১)

আপোনাৰ বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পদানত কৰি ৰাখিব ৷ তথাপি আপোনাৰ জীৱন উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ আপোনালোক প্ৰেমিক বা প্ৰেমিকা দুয়োজনে প্ৰচুৰ আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি সন্তুষ্টিৰ বাবে এক চুটি ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব কিন্তু আপুনি তেওঁলোকক সহজে পৰাভূত কৰিব ৷ আপুনি আলাপ-আলোচনাত সময় ব্যয় কৰিব ৷ অৱশ্যে এনে আলোচনাৰ মাজেৰে কেতবোৰ ভাল ঘটনা সংঘটিত হ'ব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

আনক আপুনি শত্ৰু বুলি গণ্য নকৰিব ৷ আপুনি আনকো ভালপাবলৈ শিকক যাতে আনৰ পৰিও মৰম-চেনেহেৰে প্ৰতিদান পায়। আপুনি জানেনে যে আপোনাৰ জীৱনত এতিয়া প্ৰেম-ৰোমান্স নাই ৷ কিন্তু আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰিলে, প্ৰেম-ৰোমান্স পাব ৷ আপুনি কোনো ঘনিষ্ঠজনক পৰামৰ্শ দিব ৷ আপুনি জীৱনৰ পথত ধীৰে-সুস্থেৰে অগ্ৰসৰ হ'ব ৷ আপোনাৰ মন সৃষ্টিশীল ভাবেৰে পূৰ্ণ হৈ থাকিব ৷ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ-উদ্দীপনা থাকিব ৷ 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

মুহূৰ্তৰ উত্তেজনাত আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি অভাৱনীয় আচৰণ কৰিলেও আচৰিত নহ'ব ৷ আপোনাৰ বাবে আজিৰ দিনটো অনেক আচহুৱা ঘটনাৰে পৰিপূৰ্ণ হ'ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি অধিক বৃদ্ধি পাব ৷ তেওঁ আপোনাক প্ৰশংসা কৰিব ৷ আপোনাৰ সহকৰ্মীৰ লগত আপুনি এক সজীৱ আলোচনাত মিলিত হ'ব ৷ তেওঁলোকে আপোনাৰ মত গ্ৰহণ কৰিব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

মুহূৰ্তৰ উত্তেজনাত আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি অভাৱনীয় আচৰণ কৰিলেও আচৰিত নহ'ব ৷ আপোনাৰ বাবে আজিৰ দিনটো অনেক আচহুৱা ঘটনাৰে পৰিপূৰ্ণ হ'ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি অধিক বৃদ্ধি পাব ৷ তেওঁ আপোনাক প্ৰশংসা কৰিব ৷ আপোনাৰ সহকৰ্মীৰ লগত আপুনি এক সজীৱ আলোচনাত মিলিত হ'ব ৷ তেওঁলোকে আপোনাৰ মত গ্ৰহণ কৰিব ৷ 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাৰ কাৰণে আজি এটা সুনাম অৰ্জন কৰিব ৷ আপুনি আপোনাৰ কৰ্মস্থলীত নতুন ধাৰণা আৰু নীতি-নিয়ম বলবৎ কৰিব ৷ চাকৰিত আজি আপুনি বদলি হ'ব পাৰে । ইয়ে আপোনাৰ ওপৰত কিছু মানসিক চাপৰ সৃষ্টি কৰিব আপুনি আপোনাৰ খং-ক্ষোভ আদি নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত এটা পাৰস্পৰিক আস্থাৰ ভাব গঢ় লৈ উঠিব ৷ ই আপোনাৰ প্ৰেমৰ সবাতোকৈ শ্ৰেষ্ঠ কথা হ'ব আপুনি বন্ধৰ দিনত ফুৰাৰ সময়ত কোনো এজন নতুন ব্যক্তিক লগ পাব পাৰে ৷ আপুনি তেওঁৰ সৈতে শীঘ্ৰেই বিয়া বন্দোৱস্ত কৰাৰ কথাও চিন্তা কৰিব ৷ সহকৰ্মীৰ লগত আপোনাৰ তৰ্ক-বিতৰ্ক বা বাদানুবাদ হ'ব পাৰে ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আজি আপুনি কিছু প্ৰগতি অৰ্জন কৰিব পাৰে ৷ আপোনাৰ জীৱনসংগীয়ে কথা-বতৰাবোৰ বিশেষ কৰি ৰাখিবৰ বাবে আপোনাক পৰামৰ্শ দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷ আপোনাৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাৰ দ্বাৰা আপোনাৰ উৰ্ধতন বিষয়া সন্তুষ্ট হ'ব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আপোনাকলৈ সম্পূৰ্ণৰূপে সুখী হ'ব ৷ আপুনি সন্তুষ্ট হ'ব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপোনালোক প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত আন্তৰিকতা পূৰ্বতকৈ অধিক বৃদ্ধি পাব ৷ আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱক সহায় কৰিব ৷ আপোনাৰ কাৰ্যালয়ত আপোনাকলৈ আপোনাৰ মুৰব্বী বিষয়া আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সুখী হ'ব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)




কোনো কোনো সময়ত আপুনি সম্পূৰ্ণৰূপে নিঃসংগ অনুভৱ কৰিব পাৰে ৷ আপোনাৰ প্ৰেম লাহে লাহে বৃদ্ধি পাব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তি কৰি সময় অতিবাহিত কৰিব ৷ আপুনি নতুন আশাৰ বাট দেখিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰম সমাদৃত হ'ব ৷ আপুনি সঠিক দিশত আগবাঢ়িব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

পাৰিবাৰিক কথা-বতৰাই আপোনাৰ মন-মগজু আৰু সমগ্ৰ চিন্তাক অধিকাৰ কৰি থাকিব। গতিকে আপুনি ৰোমাণ্টিক মুহূৰ্তবোৰ উপভোগ কৰিব নোৱাৰিব পাৰে ৷ অৱশ্যে আপোনালোক দুয়োজনে বুজাবুজিৰ মাজেৰে কাম কৰিব ৷ আপুনি স্থাৱৰ সম্পত্তিত ধন বিনিয়োগ কৰিব পাৰে ৷ আপোনালৈ ধনৰ আগমন ঘটিব কিন্তু খৰচ অত্যধিক হ'ব।