চাকৰি

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰত পদখালী

Sentinel Digital Desk

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল

পদ : ০১

দৰমহা : ৩১, ০০০ ( মাহিলী)

ঠিকনা : শিলচৰ, অসম

অন্তিম তাৰিখ : ২৪/০৯/২০২১

শিক্ষাগত অৰ্হতা :এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অণুবিদ্যুৎ আৰু যোগাযোগ অভিযন্তা বিভাগত MTech/ ME উত্তীৰ্ণ হ'ব লাগিব নতুবা অণুবিদ্যুৎ/ পদাৰ্থ বিজ্ঞান বিভাগত সমতুল্য ডিগ্ৰীধাৰী হ'ব লাগিব লগতে GATE/ NET অৰ্হতা প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ স্বাক্ষৰ যুক্ত আবেদন পত্ৰ, বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ ডাঃ এছ কে ত্ৰিপাঠী, PI বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম - ৭৮৮০১০ লৈ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : sktripathy@ece.nits.ac.in (+919465407913)

উল্লেখযোগ্য যে মেইলৰ বিষয়ত "Application for the post of JRF under the CSIR projexct" লিখা থাকিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

সময় : ১/১০/২০২১, পুৱা ১১বজাৰ পৰা

স্থান : অণুবিদ্যুৎ আৰু যোগাযোগ অভিযন্তা বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম।