চাকৰি

অহা সপ্তাহলৈকে ৬,০০০নতুন পদৰ বাবে বিজ্ঞাপন সম্প্ৰচাৰ কৰা হ'ব : মুখ্যমন্ত্ৰী অসম

Sentinel Digital Desk

অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া ভাৱে ঘোষণা কৰিছে যে, অসম চৰকাৰে অহা সপ্তাহলৈকে আৰক্ষী আৰু ০৫ গৰাকী কমাণ্ডো বেটেলিয়ানৰ পদকে ধৰি ৬,০০০নতুন প্ৰাৰ্থীক এই খালী পদ সমূহত নিযুক্তিৰ বাবে অধিসূচনা জাৰী কৰিব।

উল্লেখযোগ্য যে, এই সভাখনত ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনৰ বাবে ৮টা নতুন প্ৰধান পদক্ষেপ হাতত লোৱা হৈছে। ৰাজ্যখনত সক্ৰীয়কৰণৰ উন্নয়নৰ হেতু, মুখ্যমন্ত্ৰী গৰাকীয়ে বহুতো নতুন সংস্কৰণ ৰূপায়ন কৰিছে। প্ৰায় ১,০০০ নতুন আৰক্ষী অৱস্থ গৃহৰ নিৰ্মাণৰ লগতে আৰু আৰক্ষীৰ সাধাৰণ সঞ্চালক আৰু আয়ুক্তৰ কাৰ্য্যালয় সমূহৰ আন্তঃগাঁথনিৰ পদক্ষেপ হাতত লোৱা হৈছে।

"অহা সপ্তাহ লৈকে আৰক্ষী আৰু ০৫ গৰাকী কমাণ্ডো বেটেলিয়ানৰ খালী পদৰ বাবে ৬,০০০ পদৰ বিজ্ঞান সম্প্ৰচাৰ মুকলি কৰা হ'ব। ইয়াৰ লগতে খালী হৈ থকা ছাব ইন্সপেক্টৰৰ পদ সমূহো পূৰণ কৰা হ'ব।", এই কথা টুইটাৰ যোগে জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,"অসম আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি সভাত, আৰক্ষী প্ৰশাসনৰ সৱলীকৰণৰ হেতু আমি পূৰ্বে নিৰ্মাণ কৰা বহুতো অনানুষ্ঠানিক পদক্ষেপ সঠিক কৰাৰ পদক্ষেপ হাতত তুলি লৈছোঁ, যিসমূহে আমাৰ সমাজৰ সুৰক্ষা আৰু উন্নয়নৰ দিশত ব্যাঘাত জন্মাইছিল" আৰু কয়, "১,০০০ নতুন আৰক্ষী আৱাসিক গৃহ, আৰু আৰক্ষীৰ সাধাৰণ সঞ্চালক আৰু আয়ুক্তৰ কাৰ্য্যালয় সমূহৰ আন্তঃগাঁথনিৰ পদক্ষেপ হাতত লোৱা হৈছে।"। তেওঁ জনাই যে, "মাৰ্চ ৩১, ২০২২ লৈকে আমি যথাসম্ভৱত ভাৱে বহুতো অমিমাংসীত কেছৰ মীমাংসা প্ৰদান কৰিবলৈ চেষ্টা কৰিম"।

"কোনো যুক্তিসংগত সামৰণিৰ অবিহনে গুৱাহাটী আৰক্ষী প্ৰশাসনৰ দ্বাৰা চন ১৯৯৭ৰ পৰা নাকচ কৰা কেছ সমূহৰ পুনৰ এবাৰ পৰীক্ষণ কৰা হ'ব। প্ৰতি মাহে পুনৰ এবাৰ পৰীক্ষণ কৰা কেছ সমূহৰ সংখ্যা, নতুনকৈ আৰক্ষীৰ দ্বাৰা পঞ্জীয়ন কৰা কেছ সমূহতকৈ বেছি হ'ব লাগিব। মাৰ্চ ৩১, ২০২২ লৈকে যথাসম্ভৱত ভাৱে বহুতো অমিমাংসীত কেছৰ মীমাংসা প্ৰদান কৰিবলৈ চেষ্টা কৰা হ'ব।"

"এজাহাৰ দাখিলৰ ২৪ঘণ্টাৰ ভিতৰত অনুসন্ধান আৰম্ভ কৰা হ'ব"। ইয়াৰ লগতে তেওঁ জনাই, অহা ৮ আৰু ৯ জানুৱাৰী তাৰিখে দুলিয়াজানত দ্বিতীয় খন আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰা হ'ব।"

"দুৰ্ঘটনা জাননী, পাছপৰ্ট, পোষ্টমৰ্টেম সম্বন্ধীয় কাম সমূহৰ বাবে এখন নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (SOP) তৈয়াৰ কৰা হ'ব। পাছপৰ্ট সংশোধনীৰ কাম ৩০দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।" - মুখ্যমন্ত্ৰী অসম।