চাকৰি

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কাৰ্যালয় সহায়কৰ পদখালী

Sentinel Digital Desk

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কাৰ্যালয় সহায়কৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : কাৰ্যালয় সহকাৰী

খালী পদৰ সংখ্যা : ০২টা

দৰমহা : ১৮,০০০টকা, মাহিলী

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২৮/০৯/২০২১

আবেদনৰ মাছুল : ২০০টকা

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৬০% নম্বৰ সহ গ্ৰেজুৱেট আৰু কোনো খ্যাত অনুষ্ঠানৰ পৰা কম্পিউটাৰত ডিপ্লোমা কৰা হ'ব লাগিব।

• মেট্ৰিক বা সম পৰ্যায়ৰ পৰীক্ষাত অসমীয়া বিযয় থকা প্ৰাৰ্থী আকাংক্ষিত।

কৰ্ম অভিজ্ঞতা :

চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। M.S. Office. M.S. Excel ত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰকৃত আৰু প্ৰতিলিপি ) সহ পৰিষদৰ চৌহদত বাছনি কৰ্তৃপক্ষৰ সন্মুখত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল ।