চাকৰি

অসম ঔদ্যোগিক উন্নয়ন নিগম সসীমত পদখালী

Sentinel Digital Desk

অসম ঔদ্যোগিক উন্নয়ন নিগম সসীমত ৰাজহ বিষয়াৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ৰাজহ বিষয়া

খালী পদৰ সংখ্যা : ০১টা

বয়স : উল্লেখ নাই

দৰমহা : চৰকাৰী কাৰ্যালয় স্মাৰকপত্ৰ নং AAP.98/2017/30 অনুসৰি, দিনাংক : ১৮/১০/২০১৮

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২০/১০/২০২১

অৰ্হতা :

অসম উদ্যোগিক উন্নয়ন নিগম সসীমত, ৰাজহ বিষয়াৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত এ. চি. এছ. বিষয়া হ'ব লাগিব।

অভিজ্ঞতা:

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৰাজহ বিভাগ/ ৰাজহ প্ৰশাসন বিভাগত ১০বছৰীয়া কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে উল্লেখিত ৱেবচাইটৰ সহায়ত অনলাইন যোগে নিজৰ আবেদন সংগ্ৰহ কৰিব পাৰিব।

ৱেবচাইট : www.aidcltd.com

• নিজৰ আবেদন সহ প্ৰয়োজনীয় নথি পত্ৰ আৰু পাছপৰ্ট পৰিচালন সঞ্চালক, AIDC লৈ উল্লেখিত ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : পৰিচালন সঞ্চালক, অসম উদ্যোগিক উন্নয়ন নিগম সসীম, আৰ. জি. বৰুৱা ৰোড, গুৱাহাটী - ২৪।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ