চাকৰি

এ.আই.আই.ডি.চিত প্ৰবন্ধক আৰু আন পদ খালী

Sentinel Digital Desk

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম অধিনিয়ম ১৯৯০ৰ অধীনত প্ৰবন্ধলৈ মনোনীত হোৱা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে গুৱাহাটী, বামুনিমৈদামত নিজৰ মুখ্য কাৰ্যালয় স্থাপন কৰে। এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে দ্ৰুত গতিত বাঢ়ি অহা উদ্যোগিক অনুষ্ঠান সুৰক্ষণ আৰু সহযোগিতা প্ৰদান কৰা আৰু অসমত উদ্যোগিক প্ৰতিষ্ঠান সমূহৰ উন্নয়ন হেতু বাণিজ্যিক সংস্থান গঢ়ি তোলা।

অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমত শেহতীয়া ভাৱে, প্ৰবন্ধক আৰু আন কৰ্য্যকৰ্তাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : উপ-মহা প্ৰৱন্ধক (মানৱ সম্পদ আৰু প্ৰশাসন)

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : ৩০,০০০/- টকা - ১,১০,০০০/- টকা + GP ১৬,৯০০/- টকা

পদৰ নাম : উপ -মহা প্ৰৱন্ধক (প্ৰকল্প ব্যৱস্থাপনা)

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ৩০,০০০/- টকা - ১,১০,০০০/- টকা + GP ১৬,৯০০/- টকা

পদৰ নাম : উপ-মহা প্ৰৱন্ধক (পুঁজি)

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ৩০,০০০/- টকা - ১,১০,০০০/- টকা + GP ১৬,৯০০/- টকা

পদৰ নাম : উপ-মহা প্ৰৱন্ধক (জ্ঞান প্ৰযুক্তিবিদ্যা)

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ৩০,০০০/- টকা - ১,১০,০০০/- টকা + GP ১৬,৯০০/- টকা

পদৰ নাম : গাণনিক

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ২২,০০০/- টকা - ৮৭,০০০/- টকা + GP ৯,১০০/- টকা

বয়স : ৪৫ - ৬৫বছৰ

আবেদনৰ অন্তিম তাৰিখ : ১৮/১১/২০২১

অৱস্থান : গুৱাহাটী, অসম

ৱেবচাইট : https://aiidc.assam.gov.in/

অৰ্হতা :

উপ সাধাৰণ প্ৰবন্ধক (মানৱ সম্পদ আৰু প্ৰশাসন) :

• যিকোনো বিভাগত স্নাতকোত্তৰ ( M.Com. /MBA / MA /MSc) LLB ডিগ্ৰী সহ।

• মানৱ সম্পদ ব্যৱস্থাপনা আৰু প্ৰশাসনীয় বিভাগত ৭বছৰীয়া কৰ্ম অভিজ্ঞতা।

উপ-মহা প্ৰবন্ধক (প্ৰকল্প ব্যৱস্থাপনা) :

• B. Tech আৰু MBA।

• চৰকাৰী বিভাগ/ প্ৰতিষ্ঠিত PSU বা চৰকাৰী অনুষ্ঠান/ ভিন্ন সন্মানীয় অনুষ্ঠানত ৭বছৰীয়া প্ৰকল্প ব্যৱস্থাপনাৰ অভিজ্ঞতা থাকিব লাগিব।

উপ-মহা প্ৰবন্ধক (পুঁজি) :

• যিকোনো বিভাগত স্নাতক, বাণিজ্য বিভাগৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ'ব।

• চৰকাৰী/ PSU/ সামাজিক অনুষ্ঠানত বিত্তীয় ব্যৱস্থাপনাৰ ১০বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

উপ-মহা প্ৰবন্ধক (জ্ঞান প্ৰযুক্তিবিদ্যা) :

• কম্পিউটাৰ এপ্লিকেচন (MCA) বিভাগত পোষ্ট গ্ৰেজুৱেট লগতে হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং বিভাগত প্ৰমাণ পত্ৰ ধাৰী।

• জ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ১০বছৰীয়া অভিজ্ঞতা। ৭বছৰ চৰকাৰী/ মধ্য চৰকাৰী/ PSU ত।

গাণনিক :

• B. Com ( হিচাপবিদ্যা/ মূল্য হিচাপবিদ্যা) বা সম পৰ্যায়ৰ ডিগ্ৰী।

• হিচাপবিদ্যা/ মূল্য হিচাপবিদ্যা বিভাগত ৭বছৰীয়া অভিজ্ঞতা।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে পৰিচালন সঞ্চালক , অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম, বামুণীমৈদাম, গুৱাহাটী ২১, লৈ বিজ্ঞাপন সম্প্ৰচাৰ হোৱা ৩০দিনৰ ভিতৰত নিজৰ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ/ অভিজ্ঞতা।