চাকৰি

এয়াৰ ইণ্ডিয়া লিমিটেডত কোম্পানী ছেক্ৰেটাৰী, বিত্তৰ মুৰব্বী বিষয়া নিযুক্তি

এয়াৰ ইণ্ডিয়া লিমিটেডে নিম্নোক্ত পদসমূহত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

পদসমূহঃ

১) কোম্পানী ছেক্ৰেটাৰী, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী পূৰ্ণকালীন সময়ৰ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীদাৰী হোৱাৰ লগতে ইনষ্টিটিউট অৱ কোম্পানী ছেক্ৰেটেৰীজ অৱ ইণ্ডিয়াৰ সহযোগী বা ফেলো মেম্বাৰশ্বিপ থাকিব লাগিব। আইনৰ ডিগ্ৰী থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

অভিজ্ঞতাঃ প্ৰাৰ্থীৰ প্ৰতিষ্ঠিত কোম্পানীত ন্যূনতম ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ ৮০ হেজাৰ টকা(সকলো সামৰি)।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

বয়সৰ সীমাঃ ২০২১ৰ ১ জুনত সৰ্বোচ্চ ৪৫ বছৰ।

২) বিত্তৰ মুৰব্বী

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। তদুপৰি শিক্ষা সমাপ্তিৰ পাছত ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ দুই লাখ টকা(সকলো সামৰি)

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪ জুলাই, ২০২১।

সবিশেষ জানিবলৈ ক্লিক কৰকঃ লিংক-১     লিংক-২।