চাকৰি

অসম মেডিকেল হাস্পতালত গাণনিকসহ বিভিন্ন পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে এই বিষয়ে তলত সবিশেষ তথ্য় চাব পাৰে।

Sentinel Digital Desk

অসম মেডিকেল কলেজ হাস্পতালে গাণনিক, কনিষ্ঠ চিকিত্সা বিষয়া, ডাটা এণ্ট্ৰী অপাৰেটৰ আৰু কনিষ্ঠ নাৰ্ছৰ ৫ টা পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদসমূহঃ 

১.গাণনিক।

খালী পদৰ সংখ্যা: ১টা। 

শিক্ষাগত অৰ্হতাঃ  বাণিজ্যৰ স্নাতক হোৱাৰ লগতে কম্পিউটাৰৰ এবছৰীয়া ডিপ্লোমা থাকিব লাগিব।  অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। 

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা। 

বয়সৰ সীমাঃ ২০-৩৭ বছৰ। 

মৌখিক সাক্ষাত্কাৰৰ তাৰিখঃ ৩০ নৱেম্বৰ, ২০২১ৰ পুৱা ১০-৩০ বজাৰ পৰা। 

2.কনিষ্ঠ চিকিত্সা বিষয়া।

খালী পদৰ সংখ্যা: ০১টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম ডি  /ডি এন বি / এম বি বি এছ। 

দৰমহা: মাহিলী ৬০ হেজাৰ টকা। 

বয়সৰ সীমা: ৩৫ বছৰ।

মৌখিক সাক্ষাতকাৰঃ  ১১ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা। 

স্থান: Medicine Complex, 2nd Floor, Department of Neurology, Assam Medical College & Hospital, Dibrugarh।

৩. ডাটা এণ্ট্ৰি অপাৰেটৰ

খালী পদৰ সংখ্যা: ১টা। 

শিক্ষাগত অৰ্হতা:  দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰী বা স্বায়ত্বশাসিত প্ৰতিষ্ঠান বা প্ৰতিষ্ঠিত সংস্থাৰ পৰা এবছৰীয়া ডিপ্লমা / পি জি ডি চি এ হব লাগিব। 

দৰমহা: মাহিলী ১২, ০০০টকা। 

বয়সৰ সীমাঃ ৩০ বছৰ। 

মৌখিক সাক্ষাতকাৰঃ ১১ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা।  

স্থান:  মেডিচিন কমপ্লেক্স. দ্বিতীয় মহলা, নিউৰোলজী বিভাগ, অসম মেডিকেল কলেজ হাস্পতাল, ডিব্ৰুগড়। 

৪. কনিষ্ঠ নাৰ্ছ

খালী পদৰ সংখ্যা: ২টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এ এন এম / জি এন এম /বি এছ চি নাৰ্ছিং। 

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকা। 

বয়সৰ সীমাঃ ৩০ বছৰ। 

মৌখিক সাক্ষাতকাৰঃ ১৫ ডিচেম্বৰ, ২০২১ৰ পুৱা ১০ বজাৰ পৰা। স্থান: মেডিচিন কমপ্লেক্স. দ্বিতীয় মহলা, নিউৰোলজী বিভাগ, অসম মেডিকেল কলেজ হাস্পতাল, ডিব্ৰুগড়।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতাকে ধৰি আনুসংগিক নথি-পত্ৰৰ মূল কপিসহ সাক্ষাতকাৰত উপস্থিত থাকিব পাৰে।