চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত যুব পেচাদাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ত যুব পেচাদাৰীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। 

পদৰ নাম : যুৱ পেচাদাৰী-২

খালী পদৰ সংখ্যা : ০১টা।

বয়স : ন্যূনতম : ২১বছৰ ।

অধিকতম : ৪৫ বছৰ ।

দৰমহা : ৩৫,০০০ টকা ( মাহিলী)।

নিযুক্তিৰ স্থান : বাক্সা, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/০৯/২০২১

প্ৰকল্প বিষয় : Establishment of Biotech - KISAN HUB at RRLRRS, ICAR - NRRI", গেৰুৱা, অসম।

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞান বিষয়ত স্নাতকোত্তাৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা :

• কম্পিউটাৰৰ কামত অভিজ্ঞ হ'ব লাগিব।  লগতে ডাটা এনালাইচিচ বিষয়ে জ্ঞাত হ'ব লাগিব।

• স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।

• আকাংক্ষিত জিলাৰ স্থানীয় গ্ৰাম্য কৃষিৰ বিষয়ে অৱগত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ৭ ছেপ্টেম্বৰৰ ২০২১ তাৰিখে পুৱা ১১বজাৰ পৰা কে. ভি. কে. বাক্সাত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব।

• সাক্ষাৎকাৰৰ বাবে অহা সকলো প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ জমা কৰিব লাগিব।

• ইয়াৰ হেতু কোনো ধৰণৰ TA/ DA গ্ৰহণযোগ্য নহয়।

বাছনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা বা সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি এই বাছনি কৰা হ'ব।