চাকৰি

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰশিক্ষাৰ্থী অভিযন্তাৰ পদ খালী

Sentinel Digital Desk

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ বিষয়েঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ( বি ই এল) হৈছে ভাৰত চৰকাৰৰ মালিকীস্বতৰ এটা মহাকাশ আৰু প্ৰতিৰক্ষা ইলেক্ট্ৰনিক্স কোম্পানী। ভূ-ভাগত তথা মহাকাশত ব্যৱহাৰৰ বাবে এই কোম্পানীয়ে ইলেক্ট্ৰনিক্স সঁজুলি উত্পাদন কৰে। ভাৰত চৰকাৰে এই কোম্পানীক নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। ১৯৫৪ৰ কৰ্ণাটকৰ বাংগালুৰুত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড প্ৰতিষ্ঠা কৰা হয়। ১৯৫৬-ত ই কেতবোৰ যোগাযোগ সঁজুলি উত্পাদন কৰে।১৯৬১-ৰ পৰা ই গুণগতমানৰ সঁজুলি উত্পাদন কৰিবলৈ ধৰে। ১৯৬২-ত ইয়ে জাৰ্মেনিয়াম ছেমি-কনডাক্টৰ উত্পাদন কৰে। ১৯৬৪-ত ই ছোভিয়েট ৰাছিয়াৰ সহযোগত অল ইণ্ডিয়া ৰেডিঅৰ বাবে ৰেডিঅ ট্ৰান্সমিটাৰ উত্পাদন কৰে।

১৯৬৪-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সেনাৰ বাবে ৰাডাৰ উত্পাদন কেন্দ্ৰ স্থাপন কৰে। পাছত ১৯৬৭-ত ইয়ে ট্ৰান্সমিটিং টিউব, ছিলিকন ডিভাইচ আৰু সংহত চাৰ্কিট উত্পদন কৰে। ১৯৬৮-ত ইয়াৰ পি চি বি উত্পাদন ক্ষেত্ৰ স্থাপন কৰা হয়। ১৯৭০-ত ইয়ে টেলিভিচনৰ ক'লা-বগা পিকচাৰ টিউব, এক্সৰে টিউব আৰু মাইক্ৰোৱেভ উত্পাদন কৰিবলৈ লয়। ১৯৭১-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সংহত চাৰ্কিট আৰু হাইব্ৰিড মাইক্ৰো চাৰ্কিট উত্পাদন কৰিবলৈ ধৰে।

১৯৭২-ত ইয়ে দূৰদৰ্শনৰ বাবে টি ভি ট্ৰান্সমিটাৰ উত্পাদন কৰিবলৈ ধৰে। ১৯৭৩ত ইয়ে নৌ-সেনাৰ বাবে ফ্ৰিগেট ৰাডাৰ উত্পাদন কৰিবলৈ লয়।

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ নিযুক্তি-২০২২ঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে প্ৰশিক্ষাৰ্থী অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

প্ৰশিক্ষাৰ্থী অভিযন্তা।

খালী পদৰ সংখ্যা

৮টা। 

দৰমহা 

মাহিলী ৩০-ৰ পৰা ৪০ হেজাৰ টকা। 

চাকৰিৰ স্থান

মুম্বাই (মহাৰাষ্ট্ৰ)

বয়সৰ সীমা

০১-১২-২০২১-ত সৰ্বোচ্চ ২৮ বছৰ। 

আবেদনৰ মাচুল

২০০ টকা।  অৱশ্যে এছ চি / এছ টি/ বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ নাই।  মাচুল পৰিশোধৰ পদ্ধতি: অনলাইন। 


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ, মেধাভিত্তিক। 

অন্তিম তাৰিখ

১৫ জানুৱাৰী, ২০২২

ৱেবছাইট

bel-india.in

শিক্ষাগত অৰ্হতা 

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা  ইলেক্ট্ৰনিক্স/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন/ ই এণ্ড টি/  টেলিকমিউনিকেচন ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক হব লাগিব। 

অভিজ্ঞতাঃ 

শিক্ষা সমাপ্তিৰ পাছত ঔদ্যোগিক ক্ষেত্ৰৰ কামত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

ৰাডাৰ, যোগাযোগ ব্যৱস্থা, উচ্চ ভল্টেজৰ ট্ৰান্সমিটাৰ, ছিগনেল প্ৰচেছিং আদিৰ অভিজ্ঞতা অতিৰিক্ত সহায় হব। 

প্ৰাৰ্থীৰ এণ্টেনা পৰীক্ষণৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ পদক্ষেপ:

●প্ৰথমে, অফিচিয়েল ৱেবছাইট @bel-india.in চাওক

●আৰু আপুনি আবেদন কৰিব লগা ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ নিযুক্তি বা কেৰিয়াৰ অপচন চাওক। 

●প্ৰশিক্ষাৰ্থী অভিযন্তাৰ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ১৫ জানুৱাৰী ২০২২)