চাকৰি

উপযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১

Sentinel Digital Desk

ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশ -

ক্ৰা দাড়ি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত স্থিত এখনি জিলা। পূৰ্বে কুৰুং কুমেইৰ অধীনত পৰিচালিত হোৱা এই স্থানক জিলা ৰূপে পৰিগণিত কৰা হৈছিল ০৭ফেব্ৰুৱাৰী ২০১৫ তাৰিখে। ক্ৰা দাড়িক জিলা ৰূপে পৰিগণিত কৰাৰ বাবে মত প্ৰদান কৰিছিল অৰুণাচল প্ৰদেশ বিলৰ অধীনত নাবাম নুকিৰ অৰুণাচল প্ৰদেশ চৰকাৰে ২১মাৰ্চ ২০১৩ তাৰিখে। ক্ৰা দাড়িৰ অৰুণাচল প্ৰদেশৰ ১৯তম জিলাৰ ৰূপে শুভ উদ্ধোধন কৰিছিল মুখ্য মন্ত্ৰী নাবাম নুকিয়ে ০৭ ফেব্ৰুৱাৰী ২০১৫ তাৰিখে।

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়িত পদ খালী :

উপাযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া ভাৱে কেছ কৰ্মীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

কেছ কৰ্মী

খালী পদ 

০১

বয়স

২৩ - ৪০বছৰ

দৰমহা 

১৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

পালিন, অৰুণাচল প্ৰদেশ

অন্তিম তাৰিখ

৩০/১২/২০২১

পদৰ ধৰণ

অস্থায়ী 

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

• সমাজ কৰ্মত স্নাতকোত্তৰ উত্তীৰ্ণ/ আইন বিভাগত স্নাতক ডিগ্ৰী

• মহিলাৰ বিৰুদ্ধে হিংসাৰ সমস্যা সমূহৰ সৈতে ০৩বছৰীয়া কৰ্মী অভিজ্ঞতা

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে REGISTERED/ SPEED POST বিজ্ঞাপনৰ সৈতে সংযুক্ত আৱেদন শুদ্ধ আৰু সম্পূৰ্ণ ভাৱে পূৰণ কৰি শিশু বিকাশ প্ৰকল্প বিষয়া পালিন, কাৰ্য্যালয়, পোষ্ট পালিন - ৭৯১১১৮ লৈ প্ৰেৰণ কৰিব লাগিব।