চাকৰি

অসমৰ জনসংযোগ সঞ্চালকালয়ত অনুবাদক-কণ্টেণ্ট ৰাইটাৰৰ পদখালী

অসমৰ জনসংযোগ সঞ্চালকালয়ে অনুবাদক তথা কণ্টেণ্ট ৰাইটাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ তিনিটা। ইয়াৰে এটা হিন্দী, এটা বাংলা আৰু আনটো বড়ো ভাষাৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত হিন্দী বা বাংলা বা বড়ো ভাষাক এম আই এলৰূপে লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব। তদুপৰি প্ৰাৰ্থীৰ ইংৰাজৰ লগতে বড়ো বা হিন্দী বা বাংলাৰ ডি টি পিত দক্ষতা থাকিব লাগিব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অনুবাদৰ চাৰ্টিফিকেট /ডিপ্লমা গ্ৰহণ কৰা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব। একেদৰে পূৰ্বে অনুবাদৰ কাম কৰা প্ৰাiৰ্থীয়েও অগ্ৰাধিকাৰ পাব। নিৰ্ভুলভাবে আৰ্হি পাঠ কৰাৰ দক্ষতা থকা প্ৰাৰ্থীয়েও অগ্ৰাধিকাৰ পাব ।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে এচ-চি, এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২১।

ৱেবছাইটঃ https://dipr.assam.gov.in/

Email diprexam21@gmail.com

নিযুক্তিৰ স্থানঃ গুৱাহাটী।