চাকৰি

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ জিলা নিৰ্বাচন সমিতিত পদখালী

Sentinel Digital Desk

জিলা নিৰ্বাচন সমিতি, পূব জয়ন্তীয়া পাহাৰত গণনাকাৰী(Enumerator)-ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : গণনাকাৰী (Enumerator)। 

খালী পদৰ সংখ্যা : ০১টা।

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই

দৰমহা : দৰমহা স্তৰ - ২

নিযুক্তিৰ স্থান : ক্লিয়েহৰিয়াট, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/১০/২০২১

আবেদন মাছুল : ৫০/- টকা

অৰ্হতা :

জিলা নিৰ্বাচন সমিতি, পূব জয়ন্তীয়া পাহাৰত, গণনাকাৰীৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী SSLC উত্তীৰ্ণ হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে জিলা নিৰ্বাচন সমিতি, পূব জয়ন্তীয়া পাহাৰৰ অফিচিয়েল ৱেবচাইটৰ সহায়ত অনলাইন যোগে নিজৰ আবেদন দাখিল কৰিব পাৰিব।

• প্ৰাৰ্থীয়ে নিজৰ সক্ৰিয় ই- মেইল আৰু পাছপৰ্ট ফটো জমা কৰিব লাগিব, আৰু ফটোৰ লগত নিজৰ স্বাক্ষৰ কৰিব।