চাকৰি

ISEC নিযুক্তি ২০২১ - ক্ষেত্ৰ অনুসন্ধানকাৰীৰ শেহতীয়া পদ খালী

ক্ষেত্ৰ অনুসন্ধানকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

Sentinel Digital Desk

সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তন প্ৰতিষ্ঠান:

সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তন প্ৰতিষ্ঠান এক বিভাগীয় গৱেষণা তথা সমাজ বিজ্ঞানৰ প্ৰশিক্ষণ বাবে গঢ়ি তোলা এক ভাৰতীয় অনুষ্ঠান। প্ৰয়াত প্ৰফেছৰ ভী কে আৰ ভী ৰাওৰ দ্বাৰা এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল চন ১৯৭২ত। এখন সমাজ শ্লৰূপে এই প্ৰশ্লটিষ্ঠান পঞ্জীভূত হৈ আছে কৰ্ণাটক সমাজ পঞ্জীয়ন অধিনিয়ম ১৯৬০ৰ অধীনত। এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য হৈছে ক্ষেত্ৰ সমূহৰ বাবে গৱেষণা তথা সমাজ বিজ্ঞানৰ উন্নয়ন যাৰ দ্বাৰা এখন সুস্থ সামাজিক আঁচনি গঢ়ি উঠিবলৈ সম্ভৱপৰ হৈ উঠিব।

সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তন প্ৰতিষ্ঠানত শেহতীয়া পদ খালী:

সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তন প্ৰতিষ্ঠানত শেহতীয়া বাবে ক্ষেত্ৰ অনুসন্ধানকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। পদত সম্বন্ধীয় অন্যান্য তথ্য তলত উল্লেখিত কৰা হ'ল:

পদৰ নাম

 ক্ষেত্ৰ অনুসন্ধানকাৰী

খালী পদ 

১২

অৱস্থান

 বেংগালুৰু, কৰ্ণাটক

বাছনি প্ৰক্ৰিয়া

 সাক্ষাৎকাৰ

অন্তিম তাৰিখ

১৪/১২/২০২১

দৰমহা

 ১৬,০০০ - ৩০,০০০/- টকা, প্ৰতি মাহে

 ৱেবছাইট

 isec.ac.in

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা:

ISEC অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱাৰ লগতে, কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি অৰ্থনীতি বিভাগত স্নাতোত্তৰ উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা:

প্ৰাথমিক তথ্য সংগ্ৰহ ক্ষেত্ৰত ফিল্ড স্তৰৰ অভিজ্ঞতা থাকিব লাগিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট isec.ac.in খোলক

• ISEC কেৰিয়াৰ বা নিযুক্তিৰ যোগে আৱেদন কৰিবলৈ ইচ্ছুক পদ খোলক

• আৱেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• তাৰ পাছত ১৪/১২/২০২১তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উল্লেখিত ঠিকনাত উপস্থিত হওঁক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অহা ১৪ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উল্লেখিত ঠিকনা উপস্থিত হ'ব লাগিব।

ঠিকনা : পঞ্জীয়ক, ISEC, ড. ভী কে আৰ ভী ৰাও পথ, নগৰভাভি, ডাক বেংগালুৰু, ৫৬০০৭২