চাকৰি

আই বি পি এছৰ বিষয়া-সহায়ক বাছনি পৰীক্ষা

Sentinel Digital Desk

পদসমূহঃ

কাৰ্যালয় সহায়ক( বহুমুখী), খালী পদৰ সংখ্যাঃ ৫৩০৫টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান বিচৰা হব পাৰে।

সহকাৰী প্ৰৱন্ধক(বিষয়া, স্কেল-১), খালী পদৰ সংখ্যাঃ ৪১১৮টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী।কৃষি. উদ্যানশস্য বনানীকৰণ, পশুপালন আদিৰ ডিগ্ৰীধাৰীক অগ্ৰাধিকাৰ দিয়া হব।

প্ৰৱন্ধক( বিষয়া, স্কেল-২), খালী পদৰ সংখ্যাঃ ৯০৬টা।

ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী। কৃষি. উদ্যানশস্য বনানীকৰণ, পশুপালন, পশু চিকিত্সা বিজ্ঞান আদিৰ ডিগ্ৰীধাৰীক অগ্ৰাধিকাৰ দিয়া হব।

বিষয়া (স্কেল-২, আই টি), খালী পদৰ সংখ্যাঃ ৫৯টা।

ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স, ইলেকট্ৰনিক্স, কমিউনিকেচন, আই টিৰ ডিগ্ৰীধাৰী হব লাগিব।

বিষয়া( স্কেল-২, চি এ), খালী পদৰ সংখ্যাঃ ৩২টা।

শিক্ষাগত অৰ্হতাঃ চাৰ্টাড একাইণ্ট হব লাগিব আৰু চাৰ্টাৰ্ড একাউণটেণ্টৰূপে কাম কৰাৰ এবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বিষয়া (স্কেল-২, আইন), খালী পদৰ সংখ্যাঃ ২৭টা।

ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী। তদুপৰি অধিবক্তা বা কোনো বেংকৰ আইন বিষয়াৰূপে কাম কৰাৰ দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

বিষয়া, স্কেল-২., (কোষাগাৰ প্ৰৱন্ধক), খালী পদৰ সংখ্যাঃ ০৯টা।

শিক্ষাগত অৰ্হতাঃ চাৰ্টাড একাইণ্ট হব লাগিব বা এম বি এ হব লাগিব। এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৬-২০২১।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন। ০৮-০৬-২০২১ৰ পৰা ২৮-০৬-২০২১লৈ ibps.inত আবেদন জনাব পাৰিব।