চাকৰি

ICAR RCNEH উমিয়ামত এছ আৰ এফ মকলৰ

Sentinel Digital Desk

ICAR- RCNEH উমিয়ামৰ বিষয়েঃ

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) অধীনত ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল ১৯৭৫চনৰ ০৯জানুৱাৰীত স্থাপন কৰা হয়। এই অনুষ্ঠান আছিল গৱেষণা ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰথমখন অনুষ্ঠান, য'ত সমাহাৰ কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহৰ বাবে গৱেষণা সম্বন্ধীয় ভিন্ন বিভাগ যেনে কৃষি, উদ্ভিদবিদ্যা, পশু বিজ্ঞান, কৃষি অভিযান্ত্ৰিক, মৎস্য বিভাগ আদি।

এই অনুষ্ঠানৰ মুখ্য কাৰ্যালয় মেঘালয়ৰ বৰাপানি অঞ্চলত অৱস্থিত। এই অনুষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ সমূহ হৈছে বছৰ (অৰুণাচল প্ৰদেশ), ইম্ফল (মণিপুৰ), কলাচিব (মিজোৰাম), ঝৰ্ণাপানি (নাগালেণ্ড), লেম্বোচেৰা (ত্ৰিপুৰা) আৰু গেংটক (ছিক্কিম), আৰু এই সমূহৰ লগতে লাগি আছে সৰ্বমুঠ ১৫টা কৃষি বিজ্ঞান কেন্দ্ৰ, যিয়ে কৃষক, স্কুল ত্যাগ কৰা বিদ্যাৰ্থী, মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ICAR RCNEH উমিয়ামত পদ খালী :


ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল কেন্দ্ৰত জ্যেষ্ঠ গৱেষণা সভ্য (এছ আৰ এফ)-ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে: 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম 

জ্যেষ্ঠ গৱেষণা সভ্য ( এচ আৰ এফ)

খালী পদ

১টা। 

দৰমহা

মাহিলী ৩১ হেজাৰ টকা। 

চাকৰিৰ স্থান 

উমিয়াম, মেঘালয়। 

 বয়সৰ সীমা

পুৰুষৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩৫ বছৰ আৰু মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪০ বছৰ। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

অনলাইন পৰীক্ষা, সাক্ষাতকাৰ। 

অন্তিম তাৰিখ 

১৫ জানুৱাৰী, ২০২২

প্ৰকল্পৰ নাম

"Structural and functional characterization of sperm surface Glycans and development of novel Glycen Base fertility Biomarker"


শিক্ষাগত অৰ্হতা :

এনিমেল বায়োটেকনোলজীৰ স্পেচিয়েলাইজেচনসহ পশু চিকিত্সা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।  অথবা নেটসহ জীৱন বিজ্ঞানৰ স্নাতকোত্তৰ বা পি এইচ ডি। 

বায়োফিজিক্স বা মলিকুলাৰ টুলত অভিজ্ঞতা বিচৰা হব পাৰে। 

 আবেদন কৰাৰ পদক্ষেপ :

অহা ১৫ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ আবেদন livestockicarumiam@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অনলাইন ভিডিও কনফাৰেন্সিংযোগে সাক্ষাতকাৰ। 

সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে মেইল কৰি সাক্ষাতকাৰলৈ মতা হব।