চাকৰি

আই আই টি খড়্গপুৰত জে আৰ এফ নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

Sentinel Digital Desk

আই আই টি খড়্গপুৰৰ বিষয়েঃ 

আই আই টি খড়্গপুৰ হৈছে দেশৰ প্ৰথমখন আই আই টি। পশ্চিমবংগৰ খড়্গপুৰত অৱস্থিত এই আই আই টি ১৯৫১-ত প্ৰতিষ্ঠা কৰা হয়। এই ৰাজহুৱা খণ্ডৰ কাৰিকৰী প্ৰতিষ্ঠানখনক ২০১৯-ত ভাৰত চৰকাৰে উত্কৰ্ষতাৰ কেন্দ্ৰ আখ্যা দিয়ে। 

স্বাধীনতাৰ পাছত অভিযন্তাসকলক প্ৰশিক্ষণৰ বাবে এই প্ৰতিষ্ঠান স্থাপন কৰা হয়। কিন্তু প্ৰতিষ্ঠানখনৰ পৰা পৰৱৰ্তী সময়ত মেনেজমেণ্ট, আইন, স্থপতিবিদ্যা, কলা আদিৰ উত্কৃষ্ট পেচাদাৰীও ওলাবলৈ ধৰে। আই আই টি খড়্গপুৰে ৮.৭ বৰ্গ কিলোমিটাৰ ( ২,১০০ একৰ) ভূমি আগুৰি আছে।   

আই আই টি খড়্গপুৰৰ নিযুক্তি ২০২২ঃ 

আই আই টি খড়্গপুৰে জে আৰ এফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

জে আৰ এফ। 

খালী পদ 

১ টা। 

দৰমহা 

মাহিলী ৩১ হেজাৰৰ টকা। 

চাকৰিৰ স্থান

খড়্গপুৰ, পশ্চিমবংগ। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ

১৫ জানুৱাৰী, ২০২২। 

বাছনি প্ৰক্ৰিয়া 

সাক্ষাতকাৰ। 

বয়সৰ সীমা 


সৰ্বোচ্চ ২৮ বছৰ। 


আবেদনৰ মাচুল

নাই। 

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা বোৰ্ডৰ পৰা বি ই/ বি টেক, এম ই, এম টেক/ এম এছ হব লাগিব। 

অভিজ্ঞতা- প্ৰাৰ্থীৰ DIP, DSP আৰু Data Analyses-ৰ কামত অভিজ্ঞতা থাকিব লাগিব। .Python / MATLAB and C/C++

ৰ অভিজ্ঞতা থাকিব লাগিব। 

অহা ১৫ জানুৱাৰীলৈকে iitkgp.ac.in-ৰ পৰা আবেদন জনাব পাৰিব।