চাকৰি

আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ত পদ খালী

Sentinel Digital Desk

আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ৰ বিষয়েঃ

বিশ্ববিদ্যালয় অনুদান আয়োগে স্থাপন কৰা দেশৰ প্ৰথমটো আন্তঃবিশ্ববিদ্যালয় কেন্দ্ৰ ৷ ১৯৮৪-ৰ অক্টোবৰত পৰিকল্পনা আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ অনুমোদন ক্ৰমে এই কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় ৷ ১৯৮৬-ৰ ১৯ ডিচেম্বৰত এই কেন্দ্ৰৰ নিৰ্মাণ আৰম্ভ হয় আৰু ১৯৯০-ৰ ১৯ ডিচেম্বৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়। এই কেন্দ্ৰ প্ৰতিষ্ঠাৰ উদেশ্যে হৈছে পদাৰ্থ, শক্তি, মহাকাশ আৰু সময়ৰ ৰহস্য বুজাৰ বাবে বিজ্ঞানীসকলক শক্তিশালী আহিলা যোগান ধৰা।

১৯৯১-ৰ জুলাইৰ পৰা IUAC-ৰ পেলেট্ৰন ৰিচাৰ্ছ লেবোৰেটৰী চলি আছে। ইাৰ কাৰ্যকাৰিতাৰ সফলতাই ২৯ বছৰ স্পৰ্শ কৰিছে। এই পৰীক্ষাগাৰ কাৰ্যক্ষম হোৱাৰ পৰা ই দেশ-ংদেশলৈ ৪০০ৰো অধিক ব্যৱহাৰকাৰীলৈ বীম যোগাধ ধৰিছে। এই ব্যৱহাৰীকাৰীসকলৰ অধিকাংশই হৈছে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ। এই কেন্দ্ৰই পৰমাণু পদাৰ্থ বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰটো অৰিহনা যোগাই আহিছে্। 

আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ত নিযুক্তি-২০২২ঃ 

আন্তঃবিশ্ববিদ্যালয় ত্বৰান্বিতকৰণ কেন্দ্ৰ (IUAC)-ই জেষ্ঠ বিষয়া, প্ৰশাসনিক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

প্ৰশাসনিক বিষয়া, জ্যেষ্ঠ সহকাৰী। 

খালী পদ

৩টা। 

দৰমহা

 প্ৰতি মাহে ৩৫, ৪০০ টকাৰ পৰা ১, ৭৭, ৫০০ টকা। 

বয়সৰ সীমা

সৰ্বোচ্চ ৪০ বছৰ। 

চাকৰিৰ স্থান

নতুন দিল্লী। 

আবেদন মাচুল

প্ৰশাসনিক বিষয়াৰ বাবে এহেজাৰ টকা, জ্যেষ্ঠ সহকাৰীৰ ক্ষেত্ৰত  ৫০০ টকা। এছ চি-এছ টি প্ৰাৰ্থীৰ নাই। 

বাছনি প্ৰক্ৰিয়া 

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

৭ ফেব্ৰুৱাৰী, ২০২২ 

ৱেবছাইট

iuac.res.in

শিক্ষাগত অৰ্হতা: 

স্নাতকোত্তৰ ডিগ্ৰী।

অভিজ্ঞতাঃ

প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত চৰকাৰী সংস্থা বা বিশ্ববিদ্যালয় বা স্বতন্ত্ৰ সংস্থাত গোদাম বা বিত্তৰ ক্ষেত্ৰত কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা। 

জ্যেষ্ঠ সহায়কৰ ক্ষেত্ৰত প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰত চৰকাৰী সংস্থা বা বিশ্ববিদ্যালয় বা স্বতন্ত্ৰ সংস্থাত গোদাম বা বিত্তৰ ক্ষেত্ৰত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা।

আবেদনৰ নিয়মঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৭ ফেব্ৰুৱাৰী, ২০২২লৈকে iuac.res.in-ৰ পৰা আবেদন জনাব পাৰিব।