চাকৰি

জে এন ইউত কাৰ্যবাহী অভিযন্তাৰ পদখালী

Sentinel Digital Desk

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( জে এন ইউ)-ৰ বিষয়েঃ


দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( জে এন ইউ) ১৯৬৯ত প্ৰতিষ্ঠা কৰা হয়। এই বিশ্ববিদ্যালয় হৈছে গৱেষণাৰ ক্ষেত্ৰত দেশৰ এখন প্ৰধান বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে কৰা হৈছে। এই বিশ্ববিদ্যালয় প্ৰায়োগিক বিজ্ঞান আৰু লিবাৰেল আৰ্টছৰ গৱেষণাৰ বাবে অতি বিখ্যাত। সংসদে এখন আইনযোগে এই বিশ্ববিদ্যালয় স্থাপন কৰে।

জে এন ইউৰ প্ৰথম উপাচাৰ্য আছিল জি পাৰ্থসাৰথি। আনহাতে, অধ্যাপক মুনিছ ৰাজা আছিল এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ৰেক্টৰ ১৯৬৫ৰ ১ ছেপ্টেম্বৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী এম চি চাগলাই ৰাজ্যসভাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে বিধেয়ক উত্থাপন কৰে।

এই বিধেয়কক লৈ হোৱা আলোচনাৰ সময়ত সাংসদ ভূষণ গুপ্তাই মন্তব্য কৰিছিল যে আৰু এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে বৈজ্ঞানিক সমাজবাদকে ধৰি নতুন শিক্ষা ব্যৱস্থা প্ৰচলনৰহে প্ৰয়োজন। ১৯৬৬ৰ ১৬ নৱেম্বৰত লোকসভাত জে এন ইউ বিধেয়ক গৃহীত হয়। ১৯৬৯ৰ ২২ এপ্ৰিলত জে এন ইউ প্ৰতিষ্ঠা কৰা হয়।

জে এন ইউত নিযুক্তি ২০২২ঃ 

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( জে এন ইউ)-এ কাৰ্যবাহী অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰে।

প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত পৰীক্ষা কৰিব পাৰে :-

পদৰ বিৱৰণ

 প্ৰয়োজনীয় তথ্য

পদৰ নাম

কাৰ্যবাহী অভিযন্তা

খালী পদ 

০১ টা। 

বয়সৰ সীমা 

২৬-০২-২০২২-ত সৰ্বোচ্চ ৫৬ বছৰ। 

দৰমহা

মাহিলী ৬৭,৭০০ টকাৰ পৰা ২,০৮,৭০০টকা। 

চাকৰিৰ স্থান

দিল্লী- নতুন দিল্লী। 

আবেদনৰ অন্তিম তাৰিখ

২২ ফেব্ৰুৱাৰী, ২০২২ 

শিক্ষাগত অৰ্হতাঃ  

প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকৰ ডিগ্ৰীধাৰী হব লাগিব। 

অভিজ্ঞতাঃ  

প্ৰাৰ্থীৰ  কেন্দ্ৰীয় গড়কাপ্টানী (CPWD), ৰাজ্যিক গড়কাপ্টানী বিভাগ বা ডি ডি এ, বি এছ এন এল, প্ৰসাৰ ভাৰতী বা এন এম ডি চিত সহকাৰী অভিযন্তা (বৈদ্যুতিক)-ৰূপে কাম কৰাৰ ন্যূনতম ৭ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।  প্ৰাৰ্থী কেন্দ্ৰীয় গড়কাপ্টানী (CPWD), ৰাজ্যিক গড়কাপ্টানী বিভাগ বা ডি ডি এ, বি এছ এন এল, প্ৰসাৰ ভাৰতী বা এন এম ডি চিত সহকাৰী অভিযন্তা (বৈদ্যুতিক)-ৰূপে কাম কৰা হব  লাগিব।

আবেদন প্ৰক্ৰিয়াঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে Deputy Registrar (Administration), Room No. 302, Administrative Block, Jawaharlal Nehru University, New Delhi – 110067 লৈ বা  Email Id: dr_admin@mail.jnu.ac.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।