চাকৰি

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

Sentinel Digital Desk

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ বিষয়েঃ


লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH) হৈছে দেশৰ অন্যতম পুৰণি মানসিক ৰোগ চিকিত্সা প্ৰতিষ্ঠান। তেজপুৰস্থিত এই প্ৰতিষ্ঠান ১৮৭৬-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠানে ৮১ একৰো অধিক ভূমি আগুৰি আছে। ১৮৭৬-ত ব্ৰিটিছৰ শাসনৰ সময়ত এই প্ৰতিষ্ঠান তেজপুৰ পগলা ফাটেকৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২২-ত এই প্ৰতিষ্ঠানক তেজপুৰ মানসিক চিকিত্সালয়ৰূপে নামকৰণ কৰা হয়। ১৯৩২-ত এই হাস্পতালত ৰোগীৰ বিচনাৰ সংখ্যা ৭০০ খনলৈ বৃদ্ধি পায়।

স্বাধীনতাৰ পাছত এই হাস্পতালক অসম চৰকাৰৰ অধীনলৈ অনা হয়। ১৯৪৯-ত স্বৰ্গীয় এন চি বৰদলৈ এই হাস্পতালৰ অধীক্ষক হয়। তেওঁৰ কাৰ্যকালত হাস্পতালখনে প্ৰশাসনিক আৰু চিকিত্সা সেৱাৰ ক্ষেত্ৰত উন্নতিৰ মুখ দেখে। ডাঃ বৰদলৈ হৈছে পদ্মশ্ৰী বঁটা প্ৰাপ্ত দেশৰ প্ৰথমগৰাকী মনোৰোগ বিশেষজ্ঞ। ১৯৮৭-ত হাস্পতালখনৰ এটা নতুন বহিঃৰোগ বিভাগৰ গৃহ নিৰ্মাণ কৰা হয়। ১৯৮৯-ত এই হাস্পতালক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হয়। ১৯৯৯-ত হাস্পতালখনক উত্তৰ-পূব পৰিষদলৈ হস্তান্তৰ কৰা হয়। ২০০৭ৰ ১ জুনত এই হাস্পতালক ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰে।

 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ নিযুক্তি-২০২২ঃ 

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-এ কনিষ্ঠ অভিযন্তা আৰু গাৰ্ডেন ছুপাৰভাইজৰ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ অভিযন্তা আৰু গাৰ্ডেন ছুপাৰভাইজৰ 

খালী পদসমূহ

২ টা। 

চাকৰিৰ স্থান 

তেজপুৰ, অসম। 

দৰমহা 

নিয়ম অনুসৰি। 

আৱেদন গ্ৰহণৰ শেষ তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২২। 

বয়সৰ সীমা

১ ফেব্ৰুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩২ বছৰ।  

আবেদনৰ মাচুল

নাই। 

শিক্ষাগত অৰ্হতাঃ 

কনিষ্ঠ অভিযন্তাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা। 

তদুপৰি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ সংস্থাত কাম কৰাৰ এবছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

গাৰ্ডেন ছুপাৰভাইজাৰঃ কৃষি/ উদ্যানশস্যৰ ডিপ্লমা। তদুপৰি এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ The Administrative Officer, LGBRIMH, Tezpur-784001-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।