ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়েঃ
ভাৰত চৰকাৰৰ বহিঃ কাম-কাজ চোৱাচিতা তথা তদাৰকীৰ বাবে এটা সুকীয়া কূটনৈতিক সেৱা মুকলিৰ ধাৰণা সৃষ্টি হয় লেফটেনেণ্ট জেনেৰেল টি জে হাটনে লিপিৱদ্ধ কৰা এটা টোকাৰ পৰা ৷ তেওঁ এই টোকা লিপিবদ্ধ কৰে ১৯৪৪ৰ ৩০ ছেপ্টেম্বৰত ৷ লেফটেনেণ্ট জেনেৰেল হাটন তেতিয়াৰ ভাৰত চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সচিব আছিল। তেওঁ এই টোকা বহিঃপৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰে ৷ এই টোকা পোৱাৰ পাছত তেতিয়াৰ বৈদেশিক সচিব অ'লাফ কেৰ'ৱেই এই প্ৰস্তাৱিত সেৱাৰ কাৰ্য, গঠন, কৰ্ম-সুযোগ আদিৰ বিশদ বাখ্যা আগবঢ়ায় ৷ কেৰ'ই আঙুলিয়াই দিয়ে যে ভাৰতে স্বতন্ত্ৰতা আৰু ৰাষ্ট্ৰীয় সচেতনতাৰ পৰ্যায়ত উপনীত হৈছে ৷ গতিকে ভাৰতক বিদেশত প্ৰতিনিধিত্ব কৰা এটা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন হৈছে ৷
স্বাধীনতাৰ এবছৰ পূৰ্বে ১৯৪৬-ত ভাৰত চৰকাৰে দেশৰ কূটনৈতিক কাম-কাজৰ বাবে ভাৰতীয় বৈদেশিক সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিযুক্তি ২০২২ঃ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সহকাৰী পাৰপত্ৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
পদৰ নাম | সহকাৰী পাৰপত্ৰ বিষয়া। |
খালী পদৰ সংখ্যা | ১টা। |
বয়সৰ সীমা | সৰ্বোচ্চ ৫৬ বছৰ । |
দৰমহা | মাহিলী ৫৬,১০০ টকাৰ পৰা ১,৭৭, ৫০০ টকা। |
চাকৰিৰ স্থান | গুৱাহাটী, কলকাতা, শ্ৰীনগৰ। |
অন্তিম তাৰিখ | ১০ জানুৱাৰী, ২০২২ |
ৱেবছাইট | mea.gov.in |
শিক্ষাগত অৰ্হতা: কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
অভিজ্ঞতাৰ সবিশেষঃ
কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ বিত্ত বা প্ৰশাসন অথবা অনুপ্ৰৱেশ, কনছুলাৰ নতুবা পাৰপত্ৰৰ কামত ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
আবেদন প্ৰক্ৰিয়াঃ
• প্ৰথমে অফিচিয়েল ৱেবচাইট mea.gov.in লৈ যাওক
• বৈদেশিক মন্ত্ৰালয়ৰ নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক
• সহকাৰী পাৰপত্ৰ বিষয়াৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক
• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক
• শুদ্ধভাবে আবেদন পূৰণ কৰক
• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক