চাকৰি

গুৱাহাটীত নেচনেল বুক ট্ৰাষ্টৰ দুটা পদত নিযুক্তি

এই পদৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ

Sentinel Digital Desk

নেচনেল বুক ট্ৰাষ্টৰ বিষয়েঃ নেচনেল বুক ট্ৰাষ্ট (এন বি টি) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ শিক্ষা বিভাগৰ দ্বাৰা স্থাপিত এটা সৰ্বোচ্চ সংস্থা। ১৯৫৭-ত এন বি টি স্থাপন কৰা হয়।  এন বি টি স্থাপনৰ উদ্দেশ্য হৈছে ইংৰাজী, হিন্দী আৰু আন ভাৰতীয় ভাষাত ভাল গ্ৰন্থ প্ৰকাশ কৰা বা তেনে গ্ৰন্থ প্ৰকাশত উদগনি জনোৱা । লগতে মানুহক গ্ৰন্থপ্ৰেমী বা অধ্যয়নশীল কৰি তোলা। 

এন বি টিয়ে গুৱাহাটীত দুটা বিপণণ কাৰ্যবাহী (মাৰ্কেটিং এক্সিকিউটিভ) নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।   

এই পদৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদৰ নামঃ মাৰ্কেটিং এক্সিকিউটিভ। 

খালী পদৰ সংখ্যাঃ ২টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। কম্পিউটাৰৰ কৰ্ম-জ্ঞান থাকিব লাগিব।  মাৰ্কেটিঙত এম বি এ বা পি জি ডিপ্লোমা থকাসকলে অগ্ৰাধিকাৰ পাব। 

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকা। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭-১১-২০২১। 

বয়সৰ সীমাঃ ২৫ বছৰৰ পৰা ৪৫ বছৰ। 

কেনেদৰে আবেদন জনাবঃ 

সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ Deputy Director (Estt. & Admn.) National Book Trust, India Nehru Bhawan, 5, Institutional Area, Phase-II, Vasant Kunj, New Delhi-110070 by 17th November 2021-লৈ প্ৰেৰণ কৰিব পাৰে।