চাকৰি

NIT ট্ৰিচীত নিযুক্তি - মেকানিক মেকাত্ৰণিক্সৰ শেহতীয়া পদ খালী

Sentinel Digital Desk

ৰাষ্ট্ৰীয় প্ৰযু্তিবিদ্যা প্ৰতিষ্ঠান ট্ৰিচীৰ বিষয়ে:

ৰাষ্ট্ৰীয় প্ৰযু্তিবিদ্যা প্ৰতিষ্ঠান, তিৰুচিৰাপল্লি পূৰ্বে আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় অৱস্থিত তামিল নাডুৰ মাজ ভাগত কাউভাৰী নদীৰ পাৰত। এই প্ৰটিষ্ঠানৰ আৰম্ভণি হৈছিল ভাৰত চৰকাৰ আৰু তামিল নাডু চৰকাৰৰ এক যুটীয়া ক্ষেত্ৰৰ ৰূপত, চন ১৯৬৪ত। এই প্ৰতিষ্ঠানৰ লক্ষ্য আছিল ৰাজ্যখনত প্ৰয়োজনীয় মানৱ শক্তিৰ উৎস বৃদ্ধি কৰা। পৰবৰ্তী সময়ত এই প্ৰতিষ্ঠানে পুঁজি আৰু প্ৰশাসনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰশীল ৰূপে পৰিচালনা আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে বহু উন্নতি সাধন কৰে।

NIT ট্ৰিচীত শেহতীয়া পদ খালী:

NIT ট্ৰিচীত শেহতীয়া ভাৱে মেকানিক মেকাত্ৰণিক্সৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। পদৰ অন্যান্য সবিশেষ তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ

 প্ৰয়োজনীয় তথ্য

পদৰ নাম 

মেকানিক মেকাত্ৰণিক্স

খালী পদ

০৫

দৰমহা

 ৭,০০০ - ৮,৫০০/- টকা

অৱস্থান

তিৰুচিৰাপাল্লি, তামিল নাডু

বাছনি প্ৰক্ৰিয়া

 সাক্ষাৎকাৰ

অন্তিম তাৰিখ 

৩২/১২/২০২১

ৱেবছাইট

 nitt.edu

শিক্ষাগত অৰ্হতা:

ৰাষ্ট্ৰীয় প্ৰযু্তিবিদ্যা প্ৰতিষ্ঠান, তিৰুচিৰাপল্লিৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট nitt.edu খোলক

• NIT ট্ৰিচী কেৰিয়াৰ বা নিযুক্তিৰ যোগে আৱেদন কৰিবলৈ ইচ্ছুক পদ খোলক

• আৱেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• তাৰ পাছত ৩১/১২/২০২১তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উল্লেখিত ঠিকনাত উপস্থিত হওঁক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অনলাইন পদ্ধতিৰে NIT ট্ৰিচীৰ অফিচিয়েল ৱেবচাইট যোগে অন্তিম তাৰিখ ৩১/১২/২০২১ৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।