চাকৰি

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়াত চিকিত্সকৰ পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

Sentinel Digital Desk

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিষয়েঃ উত্তৰ-পূব (এন এফ) সীমান্ত ৰেলৱে হৈছে দেশৰ ১৮ টা ৰেল মণ্ডলৰ অন্যতম। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। ইয়াৰ কাম হৈছে সমগ্ৰ উত্তৰ-পূবৰ লগতে উত্তৰ পশ্চিমবংগ আৰু পূব বিহাৰত ৰেল নেটৱৰ্কৰ কাম পৰিচালনা কৰা।

উত্তৰ-পূব সীমান্ত ৰেলৱেই শেহতীয়াভাবে চিকিত্সক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। 

এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

পদৰ নামঃ চিকিত্সা বিষয়া (ঠিকাভিত্তিক)। 

দৰমহাঃ মাহিলী ৭৫ হেজাৰ টকা। 

বয়সৰ সীমাঃ ৫৩ বছৰ। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-১১-২০২১। 

আবেদনৰ প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাত্কাৰ। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ভাৰতীয় চিকিত্সা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  এম বি বি এছ ডিগ্ৰীধাৰী হোৱাৰ লগতে ইণ্টাৰ্ণশ্বিপ কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 

মৌখিক সাক্ষাতকাৰঃ আগ্ৰহী প্ৰাৰ্থীয়ে  CMS/ NTSK (NTSK Railway Hospital) N.F.Railway, Tinsukia Division-ত ২৬ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা হবলগা মৌখিক সাক্ষাতকাৰত উপস্থিত থাকিব পাৰে।