ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ঃ ভাৰতৰ সংসদে ১৯৮৮ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আইন (NHAI Act, 1988)-ৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ স্থাপন কৰে। ইয়াৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়ন, ব্যৱস্থাপনা আৰু চোৱাচিতাৰ বাবে এটা কৰ্তৃপক্ষ গঠন কৰা । এন এইচ আইৰ হাতত ৫০, ৩২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ কৰ্তৃত্ব দিয়া হৈছে।
শেহতীয়াভাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৭ টা উপ-প্ৰৱন্ধক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।
এই পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
এন এইচ এ আইৰ চাকৰিৰ বিষয়ে
পদৰ নাম | উপ-প্ৰৱন্ধক (বিত্ত আৰু গণনা) |
আবেদনৰ মাচুল | মাচুলঃ ৫০০টকা (বেংকৰ মাচুল সুকীয়া)। এছ চি-এছ টি, বিশেষভাবে সক্ষমৰ আবেদন মাচুল নাই। ই ডব্লিউ এচৰ ৩০০টকা (বেংকৰ মাচুল অতিৰিক্ত)। |
খালী পদ | ১৭টা। ইয়াৰে ৬ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ০৩টা এছ চি, ১ টা এছ টি, ৫ টা অ বি চি (এন চি এল) আৰু ২ টা ই ডব্লিউ এছ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। |
দৰমহা | ৫৬,১০০ হেজাৰ টকাৰ পৰা ১, ৭৭, ৫০০ টকাৰ লগতে ৫,৪০০ হেজাৰ টকাৰ গ্ৰেড পে। |
বয়সৰ সীমা | আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৫ বছৰতকৈ অধিক হব নালাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব। |
আবেদন গ্ৰহণৰ শেষ তাৰিখ | ২৯-১১-২০২১। |
শিক্ষাগত অৰ্হতা
প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নিয়মীয়া পাঠ্যক্ৰমৰ বাণিজ্যৰ স্নাতক বা চাৰ্টাৰ্ড একাইনটেণ্ট হব লাগিব। নতুবা এম বি এ (বিত্ত) হব লাগিব। নতুবা কেনদ্ৰীয় বা ৰাজ্য চৰকাৰৰ সংগঠিত বিত্ত গণনাৰ সৈতে সম্পৰ্ক থকা সেৱাৰ সদস্য হব লাগিব। শিক্ষা সমাপ্তিৰ পাছত চাৰি বছৰৰ কৰ্ম-অভিজ্ঞতা থাৈকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে https://nhai.gov.in জৰিয়তে আবেদন জনাব পাৰে।
বাছনি প্ৰক্ৰিয়া
পৰীক্ষা আৰু সাক্ষাতকাৰৰ ওপৰত আধাৰিত হ'ব।