চাকৰি

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অৰুণাচল প্ৰদেশত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অৰুণাচল প্ৰদেশত ENT বিশেষজ্ঞ আৰু অডিঅ'মেট্ৰিক সহকাৰীj খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।  ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ENT বিশেষজ্ঞ

খালী পদৰ সংখ্যা : ১০টা

বয়স : অধিকতম ৫০বছৰ

দৰমহা : ৮০,০০০/- মাহিলী

পদৰ নাম : অডিঅ'মেট্ৰিক সহকাৰী

খালী পদৰ সংখ্যা : ০৭টা

বয়স : অধিকতম ৫০বছৰ

দৰমহা : ১৫,০০০/- মাহিলী

পদৰ অৱস্থান : নাহৰলাগুন, অৰুণাচল প্ৰদেশ

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/১০/২০২১

শিক্ষাগত অৰ্হতা :

ENT বিশেষজ্ঞ : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো ভাৰতীয় চিকিৎসা পৰিষদ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানত পৰা ENT বিভাগৰ পৰা MD/ ডিপ্লোমা ডিগ্ৰীধাৰী হ'ব লাগিব।

অডিঅ'মেট্ৰিক সহকাৰী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো RCI দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানত পৰা কাৰিকৰী উত্তীৰ্ণ আৰু শ্ৰৱণ, ভাষা আৰু বাণীত ১বছৰীয়া ডিপ্লমা কৰা হ'ব লাগিব ।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিজ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ অনলাইন যোগে বা উল্লেখিত ঠিকনাত দাখিল কৰিব পাৰিব।

ঠিকনা : SNO (NPPCD), DHS কাৰ্য্যালয়, নাহৰলাগুণ, কক্ষ নং ১১৩।

মেইল : nppcdarunachal@gmail.com

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ২৬/১০/২০২১

সময় : পুৱা ১০বজাৰ পৰা

স্থান : DHS কাৰ্য্যালয়, নাহৰলাগুণ

• সকলো নথি পত্ৰৰ প্ৰকৃত প্ৰতিলিপি সাক্ষাৎকাৰৰ বাবে জমা কৰিব লাগিব।