চাকৰি

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাত উপ-পৰিদৰ্শক, সহকাৰী উপ-পৰিদৰ্শকৰ পদখালী

Sentinel Digital Desk

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)-ত উপ-পৰিদৰ্শক আৰু সহকাৰী উপ-পৰিদৰ্শকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : উপ-পৰিদৰ্শক ।

খালী পদৰ সংখ্যা : ৩৫টা।

দৰমহা : ৩৫,৪০০ - ১,১২,৪০০ টকা ।

পদৰ নাম : সহকাৰী উপ-পৰিদৰ্শক ।

খালী পদৰ সংখ্যা : ২৮টা।

দৰমহা : ২৯,২০০ - ৯২,৩০০ টকা

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০২/০৯/২০২১

ৱেবচাইট : nia.gov.in

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

• ২ বছৰৰ অভিজ্ঞতা । অপৰাধজনিত ঘটনাৰ অনুসন্ধান/ চোৰাংচোৱা কাম/ অভিযান/ তথ্য-প্ৰযুক্তিবিদ্যাৰ জ্ঞান / সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ আদি থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিম্নোক্ত কাৰ্যালয়লৈ (অন্তিম তাৰিখ) ২ ছেপ্টেম্বৰ, ২০২১ৰ আগত পঠাব পাৰিব।

ঠিকনা : আৰক্ষী অধীক্ষক (প্ৰশাসন), NIA হেডকোৱাৰ্টাৰ, CGO চৌহদৰ বিপৰীতে, লোধী ৰোড, নতুন দিল্লী, ১১০০০৩।

বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰৰ ওপৰত নিৰ্ভৰ কৰিব।